পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪৩৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২৭
মহাপুৰুষীয়া ধৰ্মৰ প্ৰকৃত তাৎপৰ্য্য

সাংখ্য দৰ্শনৰ মত নামানি উত্তৰ মীমাংসা বা বেদান্তৰ মত মানিছে; কিন্তু সিও নহয়। বেদান্তৰ প্ৰতিপাদ্য “ব্ৰহ্ম”; মহাপুৰুষীয়া ধৰ্মই এই ব্ৰহ্মকে মূল বুলি স্বীকাৰ কৰা নাই, আৰু ব্ৰহ্ম-বাদীবিলাকক সমৰ্থন নকৰা বুলি চৰিত-পুথিত স্পষ্ট কোৱা আছে।

 মহাপুৰুষীয়া মতে ঈশ্বৰ অকল প্ৰকৃতি-পুৰুষৰহে ওপৰত এনে নহয়, তেওঁ স্বয়ং ব্ৰহ্মৰো ওপৰত—

“ক্ষৰ পদে ইটো   দেহক বোলয়,
  অক্ষৰ শবদে ব্ৰহ্ম।
দুইত কৰি হৰি   উত্তম নিমিত্তে
  প্ৰখ্যাত পুৰুষোত্তম॥” ১৭১।

 “Primum mobile immotum” ‘ঘাই চালক জনেই অচল’ বুলি এৰিষ্টটলৰ ঈশ্বৰৰ ধাৰণাৰ বিৰুদ্ধে যি অভিযোগ কৰা হয়, বেদান্তৰ ব্ৰহ্মবাদৰ বিষয়েও সেই অভিযোগ কিছু পৰিমাণে খাটে। ’বেছেৰা এৰিষ্টটলীয় ঈশ্বৰ! তেওঁ অকামিলা ৰজা; তেওঁৰ ৰাজত্ব আছে, শাসন হলে নাই’। সাংখ্য দৰ্শনৰ পুৰুষো তেনে ক্ৰিয়াহীন কৰ্ত্তা, যেন বহি-ৰজা শিৱসিংহ; উঠি-ৰজা বৰ-ৰজা ফুলমতীৰ নিচিনা প্ৰকৃতি ক্ষণে ৰুষ্টঃ ক্ষণে তুষ্টঃ। কষ্টঃ তুষ্টঃ ক্ষণে ক্ষণে॥”— চঞ্চলতাৰ সাক্ষী।

 মহাপুৰুষীয়া মতে, অধিক কি, শুদ্ধ জীৱই ব্ৰহ্ম। “মায়ামুগ্ধঃ ভৱেৎ জীৱঃ। মায়ামুক্তঃ সদাশিৱঃ॥”

“ঈশ্বৰৰ সেৱা   কৰন্তে জীৱৰ
  গুচয় মায়াৰ ভ্ৰম।
ব্ৰহ্মপদে শুদ্ধ   জাৱক বুলিয়
  ঈশ্বৰ পৰম ব্ৰহ্ম॥” ১৭৪।

এই ব্ৰহ্মৰো পৰম ব্ৰহ্মই মহাপুৰুষীয়া মতে পৰম পুৰুষ বা পুৰুষোত্তম।