আঠচল্লিশ
মহাপুৰুষীয়া ধৰ্মৰ প্ৰকৃত তাৎপৰ্য
বহুতৰ এনে ভুল ধাৰণা আছে যে “মহাপুৰুষীয়া’’ শব্দই অকল শঙ্কৰদেৱ-মাধৱদেৱক বুজায় আৰু সেইদেখি ই এটা সাম্প্ৰদায়িক ধৰ্ম মাত্ৰ। এই ধাৰণা যেনে ভ্ৰান্ত, তেনে অন্যায়ো; কিয়নো ই এই বিশ্বজনীন্ ধৰ্মক সেই ৰঙীন্ আৰু সঙ্কীৰ্ণ দৃষ্টিত চাৱলৈ শিকায়। তদুপৰি “মহাপুৰুষীয়া” শব্দটোৱে মূল যি ব্যাপক আৰু দাৰ্শনিক তাৎপৰ্য্যপূৰ্ণ ধৰ্মতত্ত্বৰ নিৰ্দেশ দিয়ে তাকো ই ঢাকি ধৰে। স্বৰূপতে শঙ্কৰদেৱ-মাধৱদেৱক আদিতে “মহাপুৰুষ” বোলা কথাৰ মূল ক’তো নাই; এক প্ৰচলিত ধাৰণাত বহুতৰ মাজত এনে মত চলি আহিছে।
সাংখ্যমতে প্ৰকৃতি-পুৰুষৰ পৰা জগতৰ সৃষ্টি হৈছে; মহাপুৰুষীয়া ধৰ্মই নানাভাৱে এই সাংখ্য মত খণ্ডন কৰি আহিছে, আমি সম্প্ৰতি অকল মাধৱদেৱৰ “নামঘোষা’’ৰ পৰাই তাৰ প্ৰমাণ দিছোঁ—
“প্ৰকৃতি পুৰুষ, দুইতো কৰি পৰ
দুইহানো নিজ কাৰণ।
পৰম ঈশ্বৰ নামক ধৰিয়া
আছা তাতে নাৰায়ণ॥” ১৭৩।
“প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ।
সমস্তৰে আত্মা হৰি পৰম বান্ধৱ॥” ৪০৫।
মহাপুৰুষীয়া ধৰ্মমতে প্ৰকৃতি আৰু পুৰুষৰ পৰা জগতৰ সৃষ্টি হোৱা নাই; হৈছে প্ৰকৃতি-পুৰুষ দুইতকৈ যি সুকীয়া আৰু দুইৰো যি মূল কাৰণ আৰু সেই দুইকো চলাওঁতা, সেই পৰমেশ্বৰ ’নাৰায়ণ’ ‘মাধৱ’ৰ পৰা। এইখিনিতো বহুতৰ ভুল ধাৰণা হব পাৰে যে শঙ্কৰদেৱে