তিনি খোজত (পুৱা, দুপৰ, আবেলি) চক্ৰবাল পাৰ হোৱা’ উক্তিকে তৈত্তিৰীয় আৰণ্যকত পৃথিবী, বায়ু, আকাশ অতিক্ৰম কৰা বুলি বুজোৱাৰ উপৰিও “বিষ্ণুৱেই সৱাতো সুন্দৰ দেৱতা’’ বোলাবৰ চেষ্টা কৰিছে। শতপথ ব্ৰাহ্মণে এই দুই কথা সমৰ্থন কৰাৰ উপৰি বিষ্ণুক স্বয়ং যজ্ঞ বুলিছে; আৰু বিষ্ণুৱে বামন অৱতাৰ ধৰি দৈত্যৰ হাতৰ পৰা পৃথিবীখন উদ্ধাৰ কৰি দেৱতাৰ হাতত দিয়া বুলি (১৷২৷৫৷৫) কৈয়ে আৰু এটা আচৰিত উক্তি কৰিছে—’মানুহেই বিষ্ণু’। ঐতৰেয় ব্ৰাহ্মণৰ মতেও অসুৰৰ বিৰুদ্ধে বিষ্ণুৱেই দেৱতাবোৰক সদায় সহায় কৰিছিল।
স্পষ্টভাৱে তেন্তে বিষ্ণুক সৌৰ দেৱতাৰ শাৰীৰ পৰা মানুহ- দেৱতাৰ শাৰীলৈ অনাৰ চেষ্টা এই দুখন ব্ৰাহ্মণতে আৰম্ভ হৈছে, আৰু পৰবৰ্তী বামণ পুৰাণৰ বলি-ছলন কাহিনীৰ মূল এয়ে। তদুপৰি ঋক্ বেদৰ কালৰ পৰাই মানুহক বিপদৰ পৰা উদ্ধাৰ কৰা (৬৷৪৯৷১৩) আদিত বিষ্ণু বৰ কাজুৱা; গতিকে মানুহক যেতিয়া “পৰিত্ৰাণায় সাধুনাম্ বিনাশায় চ দুষ্কৃতাম্” ৰূপে ঘাই দেৱতা সজাব লগা হল, তাৰ বাবে বিষ্ণুতকৈ অধিক উপযোগী নো আৰু কোন দেৱতা হব? তৈত্তিৰীয় আৰণ্যকতে (১০৷১১৷১) অনন্ত দেৱতা আৰু ভগৱানৰূপে নাৰায়ণ আৰু হৰিৰ নাম পোৱা হয়। মহাভাৰতৰ (১২৷৩৩৬৷২৭-৫৫) মতে ক্ষীৰ সাগৰৰ উত্তৰে থকা শ্বেত দ্বীপৰ দেৱতাই নাৰায়ণ আৰু জোনৰ দৰে উজ্জ্বল তাৰ বাসিন্দাবিলাকেই তেওঁৰ ভক্ত; আৰু নাৰায়ণেই বিষ্ণু। তৈত্তিৰীয় আৰণ্যকৰ দশম পাঠত আছে : “নাৰায়ণায় বিষ্ণু বিদ্মহে বাসুদেৱায় ধিমহি তন্নো বিষ্ণুঃ প্ৰচোদয়াৎ।”
ভাগৱত পুৰাণ আদি পৰবৰ্তী কৃষ্ণ-কাহিনীবোৰ দেখা-দেখিকৈয়ে বৈদিক বিষ্ণু-বিৱৰণৰ পৰা ধাৰ কৰা। ঋক বেদত (।২২৷১৮) বিষ্ণুক “গোপ” বোলা আৰু (১৷১৫৪৷৬) বিষ্ণুৰ আবাসত বহুত শিঙাল খৰতকীয়া গাই থকাৰ; (১৷১৫৫৷৬) শৈশৱ পাৰ হৈ যৌৱনত ভৰি দিয়া কৃষ্ণ আৰু (৭৷৯৯৷৫) বিষ্ণুৰ হাতত পৰাজিত