বা “ভণ্ডামি”ৰ ঠাই নাই; ইয়াত কোনো বেপাৰী বুদ্ধি (trade secret) নাই : গতিকে আজিৰ যুগৰ বাবে ই সম্পূৰ্ণ উপযোগী। তাতোকৈ আৱশ্যকীয় কথা, শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্মত কোনো ওকালতি বা কোনো দাসত্বৰ আৱশ্যক নাই; নাম-ধৰ্ম ভগৱন্তৰ লগত প্ৰত্যক্ষ আত্মনিবেদনৰ ভাষা, প্ৰাণৰ ভাষা আৰু মধ্যস্থতা-হীন প্ৰত্যক্ষ সাক্ষাতৰ উপায়।
ভক্তিবাদ স্বয়ং এক ৰহস্যবাদ, আৰু ই জগতৰ ভক্তিবাদীসকলৰ এক বিশ্বজনীন ধৰ্ম। মহাপুৰুষীয়া ধৰ্মৰ শৰণ-ভজনৰ দৰে মুছলমান ৰহস্যবাদীৰ মাজত যথাক্ৰমে “খৰাবাত” (মুকলি সমাজ) আৰু “মৈখানা” (ৰহস্য-মন্দিৰ) প্ৰচলিত। নামামৃতক এই ছুফীৰ গোপনীয় ভাষাত “বাদ” (সুৰা) বোলে; এঘাৰ শতিকাৰ ৰহস্যবাদী পাৰস্যী কবি ওমৰ খায়ামে লিখিছে—
“ৰহস্য-মন্দিৰ মাজত তোমাৰ নামকেই বোলে স্বৰ্গীয় সুৰা;
তাৰ ৰাগিতেই হওঁ মতলীয়া, সংজ্ঞাহীন মই, তেনেই মৰা।
পৱিত্ৰ মন্দিৰ’ ভিতৰত ভাবোঁ বিশ্বৰ আতমা স্বৰূপ মই;
বিপুল বিশ্বই বিৰাট শৰীৰ মোৰ ই স্বৰ্গীয় আতমা ভৰা।”
ভক্তিবাদৰ মূল কথা হ’ল কপটহীনতা, অহঙ্কাৰ-শূন্যতা। নিজামী গঞ্জৱী নামৰ এজন ছুফীয়ে লিখিছে :
“ই মজলিছত সচাকৈয়ে যদি আহিছা কোনোবা সোমাওঁ বুলি,
কোনো কথা নাই, কায়মনোবাক্যে হোৱা সকলোৰে ভৰি ধূলি।
হায়, অ’ নিজামী, দুৱাৰ হেঁচুকি বাহিৰতে ৰবি কিমান পৰ?
মূৰ্খ! এই প্ৰেম পাৱক-অগনি, ধোঁৱা পঠিয়াই বাহিৰে তুলি।”
জীৱনৰ সদৌ অনিশ্চয়তাৰ সম্পৰ্কত প্ৰাক্-খৃষ্ট যুগৰ সংস্কৃত কবি ভৰ্ত্তৃহৰিয়ে লিখিছে—
“ভোগা ন ভুক্তাঃ বয়মেব ভূক্তা—
তপো ন তপ্তং বয়মেব তপ্তাঃ।