পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪১৭
মহাপুৰুষীয়া ধৰ্ম আৰু মায়ামৰা আন্দোলন

এতেকে মতেক আখ্যা দিলোঁ আজি ধৰি।
এহি কথা নিশ্চয় জানিবা স্থিৰ কৰি॥ ৩০০।

মহাপুৰুষীয়া ধৰ্মৰ একনিষ্ঠা মাহাত্ম্য দেখুৱাবলৈ মায়ামৰা সম্প্ৰদায় এই একেটি ঘটনাই যথেষ্ট। বহুতে ভুলকৈ ভবাৰ দৰে মহাপুৰুষীয়া যে দুৰ্বল বা কাপুৰুষৰ ধৰ্ম নহয় তাকো মায়ামৰা আন্দোলনেই চকুত আঙুলি দি দেখুৱাব; আণৱিক বোমাতকৈও কি অসীম শক্তি ঈশ্বৰৰ একশৰণত সোমাই আছে তাকো এই আন্দোলনেই দেখুৱাব৷ শঙ্কৰদেৱেহে নালাগে অনিৰুদ্ধদেৱেও যুদ্ধৰ দৰে হিংসা বৃত্তি আৰ লবলৈ ক’তো কোৱা নাই সচা; কিন্তু তেওঁলোকে তেনেদৰে অন্যায় আত্মসমৰ্পণ কৰিবলৈকো কোৱা নাই। মহাপুৰুষীয়া ধৰ্মৰ শিক্ষাৰ মৰ্ম ভীৰুত-নীচতা আদিয়েই মহাপাপ, সৎসাহ-উদাৰত আদিয়েই মহাপুণ্য; অসত্য-জড়তা আদিয়েই মহাশত্ৰু, উদ্যম-উৎসাহ আদিয়েই মহামিত্ৰ; আত্ম-বিস্মৃতিয়েই মহামৃত্যু, আত্ম-উপলব্ধিয়েই মহাজীৱন; আৰু এই মহাজীৱনৰ মহাশক্তি হল একনিষ্ঠা-ভক্তি, আৰু মহাসম্বল হল আত্ম-বিশ্বাস।

 এক প্ৰকাৰে চালে অসম বুৰঞ্জীৰ এই একমাত্ৰ লেখৰ ঘটনা মায়ামৰা আন্দোলন ফৰাছী বুৰঞ্জীৰ জোৱান-ডা-আৰ্কৰ কাহিনীৰ দৰে এক enigma (মহাৰহস্য)। যি অসমৰ ৰাজশক্তিয়ে বিশ্ববিজয়ী মোগলৰ লেখি লেখি ১৭টা আক্ৰমণ ব্যৰ্থ কৰিব পাৰিছিল, সেই ৰাজশক্তিয়েই অস্ত্ৰ-শস্ত্ৰহীন নিৰামিষী এমুঠি প্ৰজাৰ কাষত এবাৰকৈ নহয় বাৰ-দুবাৰকৈ নত-শিৰ হব লগা হৈছিল; কিহৰ বাবে? এই মায়ামৰাৰ ৰণত শান্তীসকলে নিজ কোঁচ পাতি গুলি ধৰি অসম-ৰাজশক্তিক তাচ্ছিল্য আৰু লাঞ্ছিত কৰিছিল; কিহৰ শক্তিত? ই জোৱান-ডা-আৰ্ক কাহিনীতকৈও আচৰিত হলেও সত্যই। দুৰ্ভাগ্যৰ কথা, জগতৰ বুৰঞ্জীৰ পাতত চিৰকাল জিলিকি থাকিব লগা এনে এটি কাহিনীয়েও অসম-বুৰঞ্জীত নিজ শ্ৰেষ্ঠস্থান আজিলৈকে লাভ কৰা নাই। মায়ামৰা

২৭