তাক দেখি অন্য সভাসদ একজনে।
জাত দিলন্ত খল মৰাইবা মনে॥ ২৮৩।
এই চাৰিজন যে পুৰণি ভক্ত হয়।
সেহি হেতু নৃপতিক সেৱা নকৰয়॥
এহি কথা শুনি খোৰা ৰাজাৰ কুমাৰ।
তাসম্বক বাক্য বুলিলন্ত খৰোত্তৰ॥ ২৮৪।
কি কাৰণে মোক সেৱা নকৰা আতাই।
আমাৰ আগত কথা কহিয়ো বুজাই॥ ২৮৫।
ৰাজাৰ বচন শুনি পাছে পাত্ৰবৰ।
কৰযোৰে মহাৰঙ্গে দিলন্ত উত্তৰ॥
যেহি লাগে তাকে কৰিয়োক মহাৰাই।
সত্য কথা কৈৱোঁ আমি সৱে সমুদাই॥ ২৮৬।
যাক গুৰু মানি আমি দিয়া আছোঁ শিৰ।
নদমাওঁ মাথা সেহি জনৰ বাহিৰ॥
হেন শুনি ৰাজা পাছে বুলিলন্ত বাণী।
নাওৰাত কিবা মাথা নোদোওঁৱা তুমি॥ ২৮৭।
মুণ্ড চাপৰাইবে লাগে বুলি আমি সৱে।
বৰ যে মাৰল ঘৰ নকৰিলোঁ আগে॥
দীঘল কৰিয়া ঘৰ হোৱয় আমাৰ।
মূধে দ্বাৰ দিয়া থাকে জানা সাৰে সাৰ॥ ২৮৮।
সেহি কথা শুনি মৌন ৰহিলা নৃপতি।
চৰ পঠাইয়া পাছে বুজিলা যুগুতি।
পুৰণি ভক্তৰ গ্ৰাম আছে যত যত।
পৰ্য্যটি আসিয়া দুতে কহিল ৰাজাত॥ ২৮৯।
মূধে বাট কটা পেটে নাহিকে দুৱাৰ।
•হেন শুনি ৰাজা অতি ভৈল চমৎকাৰ॥
পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪২৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪১৫
মহাপুৰুষীয়া ধৰ্ম আৰু মায়ামৰা আন্দোলন