গুৱাহাটীলৈ পলাই গৈছিল, কিন্তু ৰাঘৱে পাৰিষদ কেজনে সৈতে ৰজাক ধৰি বন্দী কৰি পাছত হত্যা কৰিলে। ৰজাৰ ককায়েক বৰজনা গোহাঁই এই ছেগতে ৰজা হবলৈ বুলি ৰাজধানীলৈ আহোঁতেই তেওঁকো ৰাঘৱৰ আদেশত হত্যা কৰা হ'ল। কীৰ্ত্তিচন্দ্ৰৰ সপুত্ৰে সেই দশাই ঘটিল। মায়া-মৰা গোসাঁইৰ পুতেক বনগঞাই সেনাপতিৰ পৰা এতিয়া ৰজা হব খুজিছিল, পাছে গোসাঁইৰ বাধাত ৰজা নহল। নাহৰ খোৰাৰ পুতেক ৰমাকান্ত মৰাণ নেতাৰূপে এতিয়া অসমৰ ৰাজ- সিংহাসনত বহিল আৰু তেওঁৰ পুতেক দুজন টিপমীয়া আৰু চাৰিঙীয়া ৰজা হল। আন আন বৰ-সৰু বিষয়বোৰ অন্যান্য নেতাৰ মাজত ভগাই দিয়া হ'ল, আৰু তেওঁলোকে সেইবোৰ বিষয়াৰ ঘৰ অধিকাৰ কৰিলে। ৰাঘৱে অকল বৰবৰুৱাৰ ঘৰ অধিকাৰ কৰিয়ে নেৰিলে, মণিপুৰী কুঁৱৰী আদি কীৰ্ত্তিচন্দ্ৰৰ পত্নীহঁতকো নিজা পত্নী কৰিলে। ১৭৬৯ খৃঃত ৰমাকান্তৰ নামে অসমৰ ৰজাৰূপে সোণ-ৰূপৰ মোহৰো প্ৰচলন কৰা হ'ল। ১৩ এপ্ৰিল, ১৭৭০; বিহুৰ আমোদ- প্ৰমোদৰ চেলু লৈ ষড়যন্ত্ৰ কৰি পূৰ্বৰ ৰাজপক্ষৰ লোকবিলাকে ৰাঘৱ, ৰমাকান্ত, নাহৰ খোৰা আদিক হত্যা কৰাই, লক্ষ্মীসিংহক আকৌ ৰজা পাতিলে। প্ৰথম মায়ামৰা বিদ্ৰোহৰ ওৰ পৰিল।
লক্ষ্মীসিংহৰ পাছত গৌৰীনাথ সিংহ (১৭৮০-৯৫) ৰাজপাটত বহিল আৰু নিতাল মাৰি থকা মায়ামৰা সম্প্ৰদায়ক জোকাই ললে। এপ্ৰিল ১৭৮২; মায়ামৰা বিদ্ৰোহীবিলাকে গড়গাৱঁৰ শিঙৰি ঘৰত জুই দিলে; চতুৰ বুঢ়াগোহাঁইৰ বিচক্ষণ বুদ্ধিৰ হেতুকে ৰজা আৰু ৰাজধানী কোনো মতে ৰক্ষা পৰিল। এই বুঢ়াগোহাঁইজনে মিলা-প্ৰীতিৰে মায়ামৰা বিলাকক শান্তিত ৰাখিবলৈ মন্ত্ৰণা দিলে, কিন্তু সেই সজ বুদ্ধি ৰজাৰ কাণত নোসোমাল; তাৰ বিপৰীতে লৰা-তিৰুতা নিৰ্বিশেষে মায়ামৰা হত্যাৰ আদেশ দিলে। অকল-ইমানেই নহয়, বিদ্ৰোহত লিপ্ত বুলি অনেক লোকক লৰা-তিৰুতাই সৈতে চকু কাঢ়ি বা তপত তেলত ভাজি হত্যা কৰালে। (গেইট্)।