পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১১
মহাপুৰুষীয়া ধৰ্ম আৰু মায়ামৰা আন্দোলন

সুদূৰগামী আৰু ভয়ঙ্কৰ নহৈ নাথাকিল। মহাপুৰুষীয়াবিলাকে দেৱী- পূজা নকৰে বুলি শুনি তেওঁ মায়ামৰা মহন্ত কেজনমান ধৰাই নি বলি দিয়া মহ-ছাগলিৰ তেজেৰে তেওঁলোকৰ কপালত ফোঁট দিয়ালে আৰু বলেৰে গোসানী সেৱা কৰাই তাৰ প্ৰসাদ কটিয়ালে। মায়ামৰা গুৰুৰ এই অপমান শিষ্যবিলাক কেতিয়াও নাপাহৰিলে, আৰু আঢ়ৈ কুৰি বছৰ উমাই থকাৰ পাছত ১৭৬৯ত বিদ্ৰোহৰ জুই দপ্‌ দপ্‌কৈ জ্বলি উঠিল।

 কিন্তু ইয়াৰ ভিতৰতে ১৭৩১ত ফুলেশ্বৰী মৰিল। শিৱসিংহই তেওঁৰ ভনীয়েক দেওপদীক বিয়া কৰাই অম্বিকা দেবী নামে বৰ-ৰজা পাতিলে। তেৱোঁ ১৭৩৮ত মৰিলত অনাদৰীক বিয়া কৰাই সৰ্বেশ্বৰী নাম দি বৰ-ৰজা পাতিলে। ১৭৪৪ত শিৱসিংহ মৰিলত যথাক্ৰমে তেওঁৰ ভায়েকহঁত প্ৰমত্ত সিংহ (১৭৪৪-৫১), ৰাজেশ্বৰ সিংহ (১৭৫১- ৬৯) আৰু লক্ষ্মীসিংহ (১৭৬৯-৮০ ) ৰজা হল। ৰাজেশ্বৰ সিংহই তেওঁৰ ৰাজ্যৰ গুৰি-বঠা কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাৰ হাতত এৰি দিছিল, আৰু এৱেঁই শেষত উমাই থকা বিদ্ৰোহৰ জুই ফুৱাই দি জ্বলাই তুলিলে! এদিন মায়ামৰা মহন্তই ৰজাৰ লগত কথা পাতি বৰবৰুৱাক নমতাকৈ গুচি অহাত কীৰ্ত্তিচন্দ্ৰই মহন্তক অত্যন্ত অপমান কৰিলে আৰু তাৰ পাছতে এদিন মৰাণৰ নেতা নাহৰ খোৰাই বৰবৰুৱাৰ কাষলৈ পোনতে নগৈ ৰজাক হাতী শোধোৱাত উঠি-ৰজা বৰবৰুৱাই নাহৰ খোৰাক মতাই নি মাৰ-কিল কৰি কাণ দুখন কাটি পঠাই দিলে। মায়ামৰা গোসাঁয়ে এনে অত্যাচাৰৰ পোত তুলিবলৈ বুলি তেওঁৰ শিষ্যসমূহ গোটাই লৈ পুতেক বনগঞাক সেনাপতি পাতি বিদ্ৰোহৰ সূত্ৰপাত কৰিলে, আৰু নামৰূপলৈ গৈ তাতে তেওঁৰ মৰাণ আৰু কছাৰী শিষ্য গোটাই লৈ বিদ্ৰোহ গপ্‌গপীয়া কৰিলে।

 অক্টবৰ, ১৭৬৯। ৰাঘৱ মৰাণ নিজে বিদ্ৰোহী দলৰ বৰবৰুৱা হৈ এদল সৈন্য লৈ গৈ উত্তৰ পাৰে কেইবাখনো খণ্ডযুদ্ধত ৰজাৰ ফলীয়া সৈন্যক পৰাস্ত কৰিলে। কীৰ্ত্তিচন্দ্ৰৰ নিৰ্দেশমতে লক্ষ্মীসিংহ