পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪১০
যুগনায়ক শঙ্কৰদেৱ

প্ৰলোভনৰ বিৰুদ্ধে উচ্চশিৰ হৈ যি চিৰকাল ঠিয় দি থাকিল, অকল মহাপুৰুষীয়া ধৰ্মৰ ইতিহাসতে নহয়, অসমৰ বুৰঞ্জীত কিয়, সদৌ সভ্য জগতৰ বুৰঞ্জীত চিৰস্মৰণীয় হ’ব লগা সেয়ে মায়ামৰা সম্প্ৰদায়।

 অন্ততঃ গদাধৰ সিংহৰ ৰাজত্বৰ পৰাই (১৬৮১-৯৬ খৃঃ) ৰাজ-শক্তিয়ে বৈষ্ণৱ-নিৰ্য্যাতনৰ যি “পাশৱিক কঠোৰতা-পূৰ্ণ উপায়” অৱলম্বন কৰিছিল, এডৱাৰ্ড্ গেইটৰ ভাষাৰেই, তাক অনুমোদন কৰাহে নালাগে কোমল-কাটি কোৱাও অসম্ভৱ। কিন্তু তেওঁলোকৰ ফালৰ পৰাও এই কথা কব লাগিব, বৈষ্ণৱ শক্তিৰ উখান এনেদৰে আগবাঢ়িছিল যে ৰাজশক্তিয়ে কেতিয়াবাৰ পৰাই তাক ভয়ৰ চকুৰে চাব লগা হৈছিল। গদাধৰ সিংহৰ পুতেক ৰুদ্ৰসিংহৰ কালত (১৬৯৬-১৭১৪ খৃঃ বৈষ্ণৱ নিৰ্যাতনৰ কঠোৰত কুমলিলেও, এইজন ৰজায়েই অসমৰ সমাজ-নীতি ক্ষেত্ৰত যি বিহ গছ ৰুলে সেয়েই অদূৰ ভবিষ্যতত গোটেই অসম জৰ্জৰিত কৰিলে সন্দেহ নাই; বঙালী শক্তি-মহন্তক আনি অসমৰ গোসাঁই-ঘৰ সুমুওৱাই সেই বিহগছ ৰোৱা।

 কালৰ ফেৰ, অসমে পতনৰ এই ঠিয় গড়াত পিছৰ পৰা কেইবাটিও গতা খালেঃ এক হল ৰুদ্ৰসিংহৰ অযোগ্য উত্তৰাধিকাৰী শিৱসিংহ ৰাজপাটত উঠা (১৭১৪-৪৪ খৃঃ), আৰু দুই হ’ল নটৰ জীয়ৰী ফুলমতীক লোকৰ কুমন্ত্ৰণাত “বৰ ৰজা” পাতি নিজে তেওঁৰ তলতীয়া হৈ চলা; তৃতীয়ত হ’ল কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাৰ উদ্ধতালি। এই আটাইখিনি একে-লগ হৈ কোনোমতে শান্তিৰ শীতল ছায়ালৈ অহা অসমৰ বৰ ঘৰত মাজ-নিশা জুই দিলে; আৰু তাৰ প্ৰথম কুৰা জুই দিলে এই “বৰ ৰজা” ফুলেশ্বৰীয়ে। গেইটে কবৰ দৰে, গতি আৰু বেয়ালৈ নিবৰ বাবে, ফুলেশ্বৰী নামত বৰ-ৰজা হৈয়ে নাথাকিল; তেওঁ গিৰিয়েকতকৈ বামুণবোৰৰ পাকতহে বৰকৈ পৰিছিল, আৰু হিন্দুৰ পৰা মুছলমান ধৰ্মান্তৰ হোৱাটোৰ গৰু-খোৱাৰ কোব বৰ চৰা হোৱাৰ দৰে নৱকৈ শাক্ত হোৱা ফুলেশ্বৰীৰ এই ধৰ্মৰ প্ৰতি আগ্ৰহৰ আতিশয্যত তেওঁ এনে অত্যাচাৰ চলালে যে তাৰ পৰিণাম অতি