চিত্তে মোৰ অৰ্পি মোকে পুৰুষাৰ্থ মানি বুদ্ধিযোগক আশ্ৰয় কৰি সততে মোত চিত্ত দিয়াঁ, তেৱে যি হৈবাঁ তাক শুনা। মোত চিত্ত দিয়া মোৰ প্ৰসাদে সকল সংসাৰ-দুষখ তৰিবাঁ।
“সকল ভূতৰ হৃদয়-মধ্যত অন্তৰ্য্যামী ঈশ্বৰ প্ৰাণীসৱক নিজ শক্তিয়ে সেই সেই কৰ্মত প্ৰৱৰ্তাইতে আছন্ত। যেন দাৰুময় পুতলীক লোকত সূত্ৰধাৰে ফুৰায় তেমনে ঈশ্বৰে দেহাভিমানী জীৱসৱক কৰ্মত প্ৰবৰ্তান্ত, যাতো সকল জীৱ ঈশ্বৰৰ পৰতন্ত্ৰ। এতেকে তুমি অহঙ্কাৰ এড়ি কায়বাক্য-মনে সেই ঈশ্বৰত শৰণ লাঁ। তেৱে তান প্ৰসাদে পৰম শান্তিক পায়া পৰমেশ্বৰৰ স্থান নিত্য বৈকুণ্ঠ পাইবাঁ।”
যিবোৰ লোকৰ চকুত মহাপুৰুষীয়া ধৰ্মৰ মত চৰমপন্থী বা আচহুৱা যেন লাগে, এই উদ্ধৃতিবোৰে তেওঁলোকৰ সেই দোষ অনুভৱ দূৰ কৰিব বুলি আশা কৰা হয়। ঘুৰি এতিয়া গীতাৰ প্ৰতিধ্বনি যেন লাগিব পৰা মহাপুৰুষীয়া ঘোষা কেইটিমান উদ্ধৃত কৰি এই প্ৰসঙ্গৰ সামৰণি মৰা হল—
“কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্তো হৰি
অতিশয় দূৰ হোন্ত তাৰ।
দূৰতো বিদূৰ হোন্ত, অহঙ্কাৰে থাকন্তেও
সাক্ষাতে কৃষ্ণক পাৱে
শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ॥৬।
আপুনি আপোন বন্ধু আপুনি আপোন শত্ৰু
আপুনি আপোন ৰাখে মাৰে॥
হৰিক নভজি নৰ আপুনি হোৱয় নষ্ট,
হৰি ভজি আপোনাক তাৰে॥ ২৬।
আগম নিগম তৰ্ক পুৰাণ ভাৰত যত
ইতিহাস তন্ত্ৰ-মন্ত্ৰচয়।
হে হৰি তোমাতেসে খেলাৱে কেৱল বাদ,
তোমাৰ তত্ত্বক নজানয়॥ ৫৭।