পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
বেদান্তত বৈদিক দেৱতা

সেৱা কৰাঁ।” (২১৷২৫)। ই ঠিক যেন গীতাৰ মামেকং শৰণং ব্ৰজ”, “মাং নমস্কুক", আদিৰ স্পষ্ট প্ৰতিধ্বনি! গতিকে কৃষ্ণই প্ৰথম পুৰুষত কোৱাৰ অৰ্থ বুজিব পাৰি।

 সি যি হওক, বেদান্তত বিষ্ণু দেৱতাৰ, তথা কৃষ্ণ প্ৰাধান্যই অকল সেই বৈদিক দেৱতাৰ নামটো নহয়, আওপাকে হলেও, সূৰ্য, অগ্নি, আদিৰ প্ৰবেশো বৈদান্তিক ধৰ্মত সম্ভৱ কৰিলে; যদিও সেইবোৰ প্ৰকৃততে উপাস্য নহয়। ছান্দোগ্য উপনিষদৰ (৩৷১৭৷৬): “তদ্বৈতদ্ ঘোৰ আঙ্গিৰসঃ কৃষ্ণস্য দেৱকীপুত্ৰায়োক্ত বাচা পিপাস এব স বভুমোন্ত বেলায়ামেত্য ত্ৰয়ম্ প্ৰতিপাদ্যত অক্ষিতমচ্যুতমসি প্ৰাণাসংশিতমসিতি।” আদি উক্তিত দেৱকীপুত্ৰ কৃষ্ণ যে ঘোৰ আঙ্গিৰসৰ শিষ্য সি সুস্পষ্ট। এই ছান্দোগ্য উপনিষদতে কৃষ্ণক পুৰুষ-যজ্ঞ বিদ্যা শিকাই সূৰ্য্য-উপাসক-আঙ্গিৰসে শেষত কৈছে : “আদিৎ প্ৰত্নস্য ৰেতসঃ উদ্বয়ন্তম সম্পৰিজ্যোতিঃ পশ্যন্ত উত্তৰং স্বঃ পশ্যন্ত উত্তৰং দেৱং দেৱত্ৰা সূৰ্য্যমগস্ম জ্যোতিৰুত্তমমিতি।” মহাভাৰতত (১২৷৪৭৷৩৮-৪০) ভীষ্মই কৃষ্ণক প্ৰায় এনে কথাৰেই স্তুতি কৰিছে। আকৌ সেই শান্তিপৰ্বতে (১২৷৩৩৫৷১৯) আছে : “সাত্বতম্ বিধিমাস্থায় প্ৰাকসূৰ্য্যমুখনিঃসৃতম্”, আৰু গীতাত (৪৷১) কৈছে :

“ইমং বিৱস্বতে যোগং প্ৰোক্তৱানহমব্যয়ম্।
বিৱস্বান্ মনৱে প্ৰাহ মনুঃ ইক্ষ্বাকৱেহব্ৰবিৎ।”

 “সৰ্বোপনিষদো গাবো”ৰ “দুগ্ধং গীতামৃতং মহৎ” অনেক সাদৃশ্যৰ পৰা দেখুৱাব পাৰি; কিন্তু তাৰ ভিতৰত আঙ্গিৰস-কৃষ্ণ আৰু কৃষ্ণ- অৰ্জ্জুন শিক্ষা-প্ৰসঙ্গহে আমাৰ আলোচ্য বিষয়ত পৰে। ছান্দোগ্য উপনিষদত (৩৷১৭৷৪৭) “তপোদানমাৰ্জৱম্ অহিংসা সত্যবচনম্” বুলি ঘোৰ আঙ্গিৰসে কৃষ্ণক যি শিক্ষা দিছিল, গীতাত (১৬৷১-২)ঠিক তেনে শিক্ষাকে গুৰুৰূপে কৃষ্ণই শিষ্য অৰ্জ্জুনক দান কৰিছে। আকৌ সেই ছান্দোগ্য উপনিষদতে আঙ্গিৰসে নিজ শিষ্য কৃষ্ণক শিকোৱা

“ধৰ্ম-পুষ্টিকৰ” গুণ “তপোদানমাৰ্জৱমহিংসা সত্যবচনম্” আদি প্ৰায়