পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪০৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০১
মহাপুৰুষীয়া ধৰ্মত গীতা-দৰ্শনৰ সামঞ্জস্য(২)

যাকে যাকে স্মৰে দেহ এড়ি তাকে তাকে পাবে। •••সদায় পুৰুষে যাক চিন্তে, অন্ত সময়তো তাতে মন পড়ে যাতো পূৰ্ববাসনা বশে মৰণ সময়ত স্মৰণ হয় তেমন নহে। এতেকে তুমি মোক সততে স্মৰাঁ; চিত্তশুদ্ধি বিনে সততে স্মৰণ নঘটে। এতেকে চিত্ত-শুদ্ধিৰ অৰ্থে যুদ্ধাদি স্বধৰ্ম কৰা, তেৱে মোত মন বুদ্ধি অৰ্পিয়া অৱশ্যে মোক পাইবাঁ।”

 নৱম অধ্যায়ত—“ভক্তি ভগৱন্তৰো অত্যন্ত আশ্চৰ্য্য ঐশ্বৰ্য্য কহিবা। •••ধৰ্মজ্ঞানক গুহ্য বুলি, দেহত ব্যতিৰেকে আত্মজ্ঞানক গুহ্যতৰ বুলি, পৰমেশ্বৰ-জ্ঞানক অতি ৰহস্য পদে গুহ্যতম কহি, যাক জানি সংসাৰৰ অনায়াসে মুক্ত হৈবাঁ। ই জ্ঞান-বিদ্যাৰ ৰাজা, গুহ্যৰো গুহ্য, উত্তম পৱিত্ৰ দৃষ্ট ফল। •••যি সৱ তিনি বেদোক্ত কৰ্ম্মপৰ হুয়া নানা দেৱত ৰূপ মোক নজানি ভেদ সৃষ্টি কৰি দেৱান্তৰক ভজে, যজ্ঞশেষ-অমৃত পান কৰি নিষ্পাপ হুয়া স্বৰ্গক প্ৰাৰ্থনা কৰে তাৰাসৱ যজ্ঞৰ ফল প্ৰাথিত স্বৰ্গক পায়া দেৱৰ ভোগ্যসৱ ভোগ কৰে। পাছে ভোগ-প্ৰাপক পুণ্যক্ষয় হৈলে মনুষ্য লোকত পড়ে। পুনু ধৰ্মবাসনায়ে ধৰ্ম কৰে, এমনে গতাগত ফলক লভে। মোৰ ভক্তসৱ পুনু মোৰ প্ৰসাদে কৃতাৰ্থ হয়। যিসৱ নিষ্কাম হুয়া নিতান্তে মোক উপাসা কৰে, সেই মোত একনিষ্ঠ ভক্তসৱক প্ৰাৰ্থনা বিনেও মঞি ধৰ্ম-অৰ্থ-কাম-মোক্ষক দেঞু। •• যি সৱে ভেদ সৃষ্টি কৰি পৰম শ্ৰদ্ধায়ে অন্য দেৱতাক উপাসা কৰে তাৰাও মোক ভজে, ই সত্য হয়; তথাপি মোক্ষপ্ৰাপক বিধি বিনে যজে, এতেকে গতাগত লভে। ••দুৰাচাৰো মোক ভজি শীঘ্ৰে ধৰ্ম-চিত্ত হয়।...”

 দশম অধ্যায়ত ভগৱন্তই নিজ বিভূতিসৱ বিস্তাৰ কৰি” কৈ একাদশ অধ্যায়ত বিশ্বৰূপ দেখাইছে। দ্বাদশ অধ্যায়ত “নিৰ্গুণ-উপাসক সগুণ-উপাসক মধ্যত কোন শ্ৰেষ্ঠ এই নিৰ্ণয়” কৰিছে। “অক্ষৰ উপাসকসৱৰ অধিক ক্লেশ আছে। যাতো ব্ৰহ্ম-গতিক দেহাভিমানী সৱে মহা দুষখেসে পাৱে। দেহত অহঙ্কাৰ থাকিতে ব্ৰহ্মনিষ্ঠা