পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪০২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯৪
যুগনায়ক শঙ্কৰদেৱ

পৰ আত্মাক জানি মন নিশ্চয় কৰি কামক নষ্ট কৰাঁ৷ বিবেকী সৱে স্বধৰ্মে যাক আৰাধিয়া ভক্তি দ্বাৰা মুক্তি লভিছে, হেন পৰমানন্দ কৃষ্ণক সকল কৰ্ম সমৰ্পি সন্তোষ কৰাওক।”

 চতুৰ্থ অধ্যায়ত অৱতাৰবাদৰ কথা কৈ ভগৱন্তই কলে,“মঞি শুদ্ধ সত্ব অৱতাৰে ধৰ্ম পালন কৰোঁ। এই মোৰ পৰম কাৰুণিক জানি ৰাগ ভয় ক্ৰোধ এড়ি মোতে এক চিত্ত হুয়া মোকে আশ্ৰয় কৰি মোক উপাসা কৰে তেৱে মোৰ প্ৰসাদে জ্ঞান-ভক্তি পায়া পৰম শুদ্ধ অজ্ঞান ছাড়ি মোৰ সাযুজ্যক বিস্তৰ লোকে পায়াছে। বিদ্যা-অবিদ্যা উপাধিয়ে ঈশ্বৰ-জীৱ দেখায়। ঈশ্বৰ অবিদ্যা-অভাৱে নিত্য শুদ্ধ; জীৱ ঈশ্বৰ প্ৰসাদে জ্ঞান পায়া অজ্ঞান এড়ি শুদ্ধ হুয়া চিদাংশে ঐক্য বুঝিবাঁ৷ যাৰ সকল কৰ্ম ফল সঙ্কল্প ৰহিত হৈল, সেই কৰ্মে শুদ্ধচিত্ত হৈলে জ্ঞানাগ্নিয়ে সকলক নাশ কৰিল, তাক পণ্ডিত বুলি। যি নিষ্কাম হুয়া দেহ মন নিয়ম কৰিল, সকল পৰিগ্ৰহ এড়িল, সি অভিমান এড়ি কৰ্ম কৰিতেও বদ্ধ নহে। যি অপ্ৰাৰ্থিত লাভত তুষ্ট হুয়া শীতোষ্ণাদি দ্বন্দ্ব সহে, কাৰো লগত বৈষম্যসৱ নকৰে, লাভ-অলাভত হৰ্ষ-বিষাদ নাই, সি স্বাভাৱিক বিহিত কম কৰিতেও বন্ধ নহে। সৱাতে ব্ৰহ্মদৰ্শন জ্ঞানক যজ্ঞ বুলি কহিলা যাতো সকল যজ্ঞ সাধনত আক পায়।

 “এতেকে তুমি ভক্তিমন্ত জ্ঞানীক দণ্ডৱতে প্ৰণিপাত কৰাঁ। পাছে সেৱা কৰি প্ৰশ্ন কৰা—গুৰু, মোৰ কেমনে সংসাৰ হৈল, কেমনে নিবৰ্তে। তেৱে তাৰ কৃপায়ে জ্ঞান উপদেশ দিব, যি জ্ঞানক পায়া পুনু বন্ধু বধাদিত মোহ নাপাইবাঁ, যি জ্ঞানে সকল প্ৰাণীক আত্মাত অভেদে দেখিবাঁ, আত্মাতে মঞি পৰমাত্মাক দেখিবাঁ। যদ্যপি তুমি সকল পাপীতে অত্যন্ত পাপকাৰী হৱা, তথাপি সকল পাপ-সমুদ্ৰক জ্ঞান-নাৱে অনায়াসে তৰিবাঁ যি গুৰুৰ উপদেশ নুবুঝে, বুঝিও যি শ্ৰদ্ধা নকৰে, শ্ৰদ্ধা কৰিও মোৰ হয়-নহয় বুলি সংশয় কৰে, সি স্বাৰ্থত ভ্ৰংশ হয়। সৱাতো কৰি সংশয়াত্মা সৰ্বথা নষ্ট হয় যাতো তাৰ ইহলোকো নাই, সংশয়তে ধনাৰ্জ্জন বিবাহো নঘটে, এতেকে সুখো নাই; ধৰ্মো