গুণে অৱশ্যে কৰ্ম কৰাইব। যি জ্ঞানেন্দ্ৰিয়ৰ বৃত্তি ভগৱন্তৰ অধীন মানি কৰ্মেন্দ্ৰিয়ৰ কৰ্মকো ভগৱন্তত অৰ্পণ কৰে সি চিত্তশুদ্ধি দ্বাৰায়ে জ্ঞান পাৱে। এতেকে তুমি হৰিত অৰ্পি নিত্য-নৈমিত্তিক কৰ্ম কৰাঁ। অকৰণত কৰি কৰ্মকৰণেই শ্ৰেষ্ঠ! সকল কৰ্ম এড়িলে তোমাৰ দেহ নিৰ্বাহো নহৈব। সাংখ্যমতে সকল কৰ্মকে বন্ধ বোলে। ••ঈশ্বৰাৰ্পিত কৰ্ম বিনে আন কৰ্মে বন্ধ কৰে। এতেকে তুমি বিষ্ণুৰ প্ৰীতিৰ অৰ্থে নিষ্কাম হুয়া কৰ্মসৱ কৰাঁ॥
“এতেকে তুমি ফলত ইচ্ছা এড়ি অৱশ্যে নিত্য-নৈমিত্তিক কৰ্ম কৰাঁ॥ অনাসক্ত হুয়া কৰ্ম কৰিলে চিত্তশুদ্ধি জ্ঞানৰ দ্বাৰায় অনায়াসে মোক্ষ লভিবাঁ। •••অজ্ঞানীজনে অহঙ্কাৰে মোহিত হুয়া ইন্দ্ৰিয়ৰ কৰ্মক মঞি কৰোঁ বুলি মানে। জ্ঞানী, পুনু, ইন্দ্ৰিয়ে আপুনাৰ বিষয়ত প্ৰবৃৰ্তে, মঞি নকৰোঁ মানিয়া আসক্তি নকৰে। প্ৰকৃতিৰ গুণে মূঢ় হৈয়া অজ্ঞানীসৱ কৰ্মত আসক্তি কৰে। জ্ঞানীসৱে তাকে নকৰিব, কিন্তু ঈশ্বৰত অৰ্পি কৰিব বুলিব। গুণ-দোষ জানিও পুৰুষে পূৰ্ব কৰ্ম-বাসনায়ে সেই কৰ্মতেসে প্ৰৱৰ্তে, নিষ্কাম কৰ্ম কৰিতে নপাৰে। যেনে অগ্নিক ধুমে, দৰ্পণক মলে, গৰ্ভক চৰ্মে আবৰি থাকে তেমনে কামে জ্ঞান আবৰিছে। অজ্ঞানী পুৰুষৰ কাম প্ৰথমে সুখৰ হেতু, পৰিণামত বিষ-ৰস। জ্ঞানী পুনু তেখনে অনৰ্থৰ হেতু জানি বৈৰী মানে। এতেকে কামে নানা ৰূপ ধৰে। অনেক ভোগেও অগ্নিসম তৃপ্তি নাই। আৱে তাক জিনিবে উপায় শুনা। ইন্দ্ৰিয় মন বুদ্ধি কামৰ স্থান বুঝিবা। এতেকে শ্ৰৱণ দৰ্শনাদিয়ে কাম উৎপন্ন হুয়া জ্ঞানক আবৰি পুৰুষকো মোহ কৰাৱে। তুমি মোহত পূৰ্বে ইন্দ্ৰিয় মন বুদ্ধি। নিয়ম কৰি পাপ ৰূপ কামক নষ্ট কৰাঁ যতো জ্ঞান-বিজ্ঞানক নাশ নকৰে। যাত চিত্ত দিলে ইন্দ্ৰিয়াদিক নিয়ম কৰিব পাৰিবা তাক দেহাদিত পৃথক কৰি শুনা। স্কুল দেহ কৰি প্ৰকাশক পদে ইন্দ্ৰিয়-সৱ শ্ৰেষ্ঠ, ইন্দ্ৰিয়ত কৰি প্ৰৱৰ্তক পদে মন শ্ৰেষ্ঠ, মনতো কৰি নিশ্চয় কৰে পদে বুদ্ধি শ্ৰেষ্ঠ, বুদ্ধিতো কৰি সাক্ষী পদে আত্ম শ্ৰেষ্ঠ। এখনে বুদ্ধিত