ভোগ ঐশ্বৰ্য্যক আসক্তি কৰি থাকে; বেদৰ পুষ্পিত বাক্যে চিত্তকো হৰিছে। এতেকে তাৰাসৱ একনিষ্ঠ হুয়া পৰমেশ্বৰক ভজিবে নপাৰে।--
“সকামী লোকক প্ৰতিসে বেদে কৰ্মফল কহে, তুমি নিষ্কামী হৱাঁ॥ নিষ্কামী হৈবাৰ উপায় শুনা। সুখ-দুঃখক সহাঁ, মহাধৈৰ্য্যক আশ্ৰয় কৰাঁ, অপ্ৰাপ্ত বস্তুক স্বীকাৰ এড়া, প্ৰাপ্ত বস্তুকে ৰক্ষা তজাঁ, তেৱে নিষ্কামী অৱশ্যে হৈবাঁ॥ কামনা কৰিলেসে ফল হয়, অকামীত সে ফল তোমাৰ নহৈব। বন্ধভয়ে কৰ্ম-অকৰণতো নিষ্ঠা নকৰিবাঁ, কিন্তু পৰমেশ্বৰত একনিষ্ঠ হুয়া আসক্তি এড়ি কৰ্মসৱ কৰাঁ। তাৰ ফল জ্ঞানৰ সিদ্ধি-অসিদ্ধিতে সম হুয়া, কেৱল ঈশ্বৰত অৰ্পণ কৰি যাতে সমভাৱক যোগ বুলি কহে। ঈশ্বৰাৰ্পিত কৰ্মত কৰি কাম্য কৰ্ম অত্যন্ত অপকৃষ্ট, এতেকে তুমি ঈশ্বৰত শৰণ লৈয়া জ্ঞান-সাধন নিষ্কাম কৰ্মযোগ আচৰাঁ॥ সকামীজনক অতি কৃপণ জানিবাঁ। নিষ্কাম কৰ্মযোগী অতি শ্ৰেষ্ঠ যাতো সি ঈশ্বৰৰ প্ৰসাদে এই জন্মতে পাপ-পুণ্য দুইকো এড়ে। এতেকে তুমি ঈশ্বৰৰ অৰ্থে কৰ্মসৱ কৰাঁ; সেই কৰ্মে বন্ধ দূৰ কৰি মোক্ষ সাধিব। যেমনে কৰ্মে মোক্ষ সাধে, সেই প্ৰকাৰ শুনা। বিৱেকীসৱে কৰ্ম জন্য ফলসৱ ঈশ্বৰত অপি কৰ্মবন্ধ এড়াই নিৰুপদ্ৰৱ বিষ্ণুপদ মোক্ষ পাৱে। •••এমনে পৰমেশ্বৰক আৰাধন কৰিতে যেখন তান প্ৰসাদে দেহত অভিমান এড়ি তোমাৰ বুদ্ধি সৱাতে বিৰক্ত হুয়া ঈশ্বৰত নিশ্চল হুয়া ৰহে তেখনে মোক লভিবাঁ।”
তৃতীয় অধ্যায়ত গীতাই জ্ঞান-কৰ্মৰ মীমাংসা কৰিছে। “ই লোকত শুদ্ধচিত্ত অশুদ্ধচিত্ত ভেদে দুইবিধ অধিকাৰী। •••শুদ্ধচিত্ত হুয়া জ্ঞানভূমিক হি পায়ছে তাৰ জ্ঞানযোগে ব্ৰহ্মনিষ্ঠা কহিছে, এতেকে চিত্তশুদ্ধি দ্বাৰা জ্ঞান নহে পৰ্য্যন্ত কৰ্মযোগ আচৰিব। যাতে কৰ্ম নকৰিলে জ্ঞানো নহে। চিত্তশুদ্ধি বিনে কেৱল সন্যাসত জ্ঞান নঘটে। কৰ্মন্যাস পদেও কৰ্মত অনাসক্ত মাত্ৰ কহে। সমূলে কৰ্ম ত্যাগ নঘটে। যতেক কোনো অৱস্থাত কোনো পুৰুষ কৰ্ম নকৰি ক্ষণেকো নাথাকে, স্বভাৱৰ