পৃষ্ঠা:Yugnayak Sankardeva.djvu/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
যুগনায়ক শঙ্কৰদেৱ

স্বয়ং” হবলৈ পালে কেনেকৈ? এই প্ৰসঙ্গত মনত ৰাখিব লাগিব, শিৱৰ উল্লেখো বেদত পোৱা হয়; কিন্তু সি নিন্দাসূচক ভাৱেহে; অৰ্থাৎ শিৱ নিশ্চয় বৈদিকবিলাকৰ বাবে আজিকালিৰ ভাষাত “বিদেশী” আছিল। তেন্তে ঋক বেদত কৃষ্ণক “অসুৰ” আৰু দ্ৰাবিড়ী পুৰাণত যৌৱন-দেৱতা (ৰাসক্ৰীড়াৰ সৈতে খাপ খোৱা) বোলা কথা, আৰু তাৰ লগত পাছৰ পুৰাণবোৰত কৃষ্ণই বেদৰ ঘাই দেৱতা ইন্দ্ৰক পৰাজয় কৰা কথা মিলাই চালে কৃষ্ণ বৈদিকবিলাকৰ বিপক্ষ আৰু তাৰ প্ৰতিদ্বন্দী সম্ভৱ, উচ্চতৰ (যেনে, দ্ৰাবিড়ী) সভ্যতাৰ নেতা আছিল বুলি অনুমান কৰিব পাৰি যেন লাগে। বৰ্ণ স্বৰূপতো কৃষ্ণ (ক’লীয়া) বৈদিক আৰ্য্যৰ শ্ৰেষ্ঠ বৰ্ণৰ লগত জীণ নাযায় নিশ্চয়।

 ইফালে আন এটা কথা মনত খেলায়, উপনিষদৰ আত্মা-ব্ৰহ্ম আদি তত্ত্বৰ পৰা কৃষ্ণই নিজক সেই পৰম ব্ৰহ্ম পৰমাত্মা বুলি ঘোষণা কৰা কথা কেনেকৈ আহিল? “কৃষ্ণ সূৰ্য্য ভৈলন্ত উদিত। নাম-ধৰ্ম কৰিলা বিদিত।” যীশু, মহম্মদ আদি নৱধৰ্ম-প্ৰৱৰ্ত্তকসকলে নিজক তেনেদৰে ঘোষণা কৰা নাই বা প্ৰথম পুৰুষত কথা কোৱা নাই; কিন্তু তেওঁলোকৰ তৃতীয় পুৰুষতো কৃষ্ণই কোৱাৰ দৰে প্ৰথম পুৰুষৰ সুৰ মাজে মাজে বাজি উঠে কোনো সত্য দঢ়াই কোৱা প্ৰসঙ্গত।

 সন্ত জনৰ মতে যীশুৰ কথা: “মই পৰম পিতাৰ কথা কৈছোঁ, তোমালোকে মোক নামানা; যি নিজৰ কথা কবহি, তেওঁক মানিবাঁ।” (৫৷৪৩)। “সত্যে সত্যে মই কৈছোঁ, মোক মানিলেই অনন্ত জীৱন লভিবাঁহঁক।” (৬৷৪৭)। “মই পৃথিবীৰ পোহৰ, মোৰ পিছ ল'লে আন্ধাৰত কপজপাব নালাগিব।” (৮৷১২)। “তোমালোক পৃথিবীৰ, মই স্বৰ্গৰ।” (৮৷২৩)। “ময়েই পুনৰুত্থান, ময়েই জীৱন।” (১০৷২৫)। “ময়েই পন্থা, ময়ে সত্য, ময়ে জীৱন।” (১৪৷৬) ইত্যাদি। ঠিক এনেদৰে কোৰানত নিজে বা ঈশ্বৰৰ হৈ মহম্মদে কৈছে। “মোৰ বাহিৰে আৰু ঈশ্বৰ নাই, গতিকে মোকে