তেওঁলোকৰ এই বিবেচনা নাই যে নিজা অনুভৱ আৰু স্বকীয় মত নাথাকিলে প্ৰকৃত গুৰু হ’ব নোৱাৰি, আৰু বিভিন্ন আচাৰ্য্যৰ মতাৱলম্বীসকল সেই সকলৰ বহতীয়া, কোনো গুৰু নহয়। গ্ৰন্থকাৰে তেখেতৰ Jagat-Guru Sankardew গ্ৰন্থত এই মত ভালদৰে প্ৰতিষ্ঠা কৰিছে যে শঙ্কৰদেৱৰ মত আচাৰ্যসকলৰ প্ৰচাৰিত মতৰ ভিতৰুৱা যে নহয়েই, যি বেদান্ত-সূত্ৰৰ ভাষ্য লিখি এই আচাৰ্য্যসকলে নিজ মত প্ৰতিষ্ঠা কৰিবৰ প্ৰয়াস পাইছিল স্বয়ং সেই বেদান্তৰ ব্ৰহ্মবাদৰ ওপৰতে শঙ্কৰদেৱে স্বতন্ত্ৰ মত ঘোষণা কৰিছে।
ততোধিক সুখৰ কথা, গ্ৰন্থকাৰে গতানুগতিকভাৱে অকল বৈষ্ণৱ মতৰ আলোচনাৰ ভিতৰতে আৱদ্ধ নাথাকি পৃথিৱীৰ পাঁচটা বৃহত্তম ধৰ্মৰ সাৰ-মৰ্ম অধিকাৰিত্বসম্পন্ন আৰু বিজ্ঞানসম্মতভাৱে ফঁহিয়াই দেখুৱাই তাৰ পাচত ভাৰতবৰ্ষৰ বিভিন্ন ধৰ্ম-আন্দোলন ব্যাপক ভাবে আলোচনা কৰি এই সকলোবোৰৰ পোহৰত শঙ্কৰদেৱৰ ধৰ্ম মতৰ অৱতাৰণ কৰিছে। গ্ৰন্থকাৰে আৰু স্পষ্টকৈ দেখুৱাইছে, বহুতে ভুলকৈ ভবা দৰে অসমত বৈষ্ণৱ ধৰ্মৰ ভিন্ ভিন্ সুতি কেতিয়াও বোৱা নাছিল; একে মহাপুৰুষীয়া ধৰ্মকে পৰবৰ্তী কালত বিভিন্ন প্ৰচাৰকে নিজ ৰুচি অনুযায়ী প্ৰচাৰ কৰিব পাৰে বা কালক্ৰমত আপুনি সেইবোৰ অলপ লৰচৰ হ'ব পাৰে, ইমানেই; কিয়নো “ভিন্ন ৰুচিঃ হি লোকাঃ।” বৈদিক ধৰ্ম শাক্ত শৈৱ আদি ভাগত, বৌদ্ধ ধৰ্ম বজ্ৰযান, হীনযান, মহাযান ৰূপত, খৃষ্টান ধৰ্ম কেথলিক প্ৰটেষ্টান্ট গঢ়ত, মুছলমান ধৰ্মও ছিয়া-ছুন্নিৰ উপৰি আধুনিক ন ন ভাগত বিভক্ত হৈও চিৰকাল জীয়াই আছে। মহাপুৰুষীয়া ধৰ্মৰো বৰ্তমান বিভিন্ন সুতিয়ে এই ধৰ্মৰ ব্যাপকতা আৰু দীৰ্ঘজীৱনৰ সূচনা কৰে বুলি গ্ৰন্থকাৰে ভাৱে; গতিকে তাত বিভীষিকা দেখিবৰ কাৰণ নাই বুলি কয়। কালৰ গতিত বিভিন্ন ৰুচিৰ যোগান ধৰি দামোদৰীয়া-হৰিদেৱী প্ৰভৃতি গ্ৰন্থই আকোৱালি নোলোৱা হ’লে সেই পন্থ-অৱলম্বীসকল মহাপুৰুষীয়া ধৰ্মৰে বাহিৰ হৈ যাবৰ আশঙ্কা আছিল। ইংৰাজ শাসন আৰু খৃষ্ট ধৰ্মৰ সংঘৰ্ষত বৈদিক ধৰ্ম খুন্দা-খুন্দলি খাই ভাগি যাবৰ উপক্ৰম হোৱা পৰিস্থিতিত দূৰদৰ্শী ৰামমোহন ৰায়ে ব্ৰাহ্ম-ধৰ্ম উদ্ভাৱন নকৰা হ’লে অন্ততঃ সেই কালত ভাৰতীয় সমাজত লেখৰ আৰু বুজন এক অংশই ভাৰতীয় ধৰ্মৰ পৰাই একেবাৰে ফাটি গ'লহেঁতেন যে সন্দেহ নাই। তেনেকৈয়ে মহাপুৰুষীয়া প্ৰচাৰক দামোদৰদেৱ, হৰিদেৱ প্ৰভৃতিয়ে সেই কালত ভাঙনমুখী হোৱাৰ পৰা মহাপুৰুষীয়া ধৰ্মক ৰক্ষা কৰিলে আৰু ইয়াক সুদূৰব্যাপী কৰি সমাজত ইয়াৰ পৰিসৰ বঢ়ালে। গতিকে এই বিভিন্ন পন্থবোৰ পৰস্পৰৰ পৰিপূৰক বুলি জানি ভেদ-অসূয়া আদি বৰ্জন কৰিব লাগে।
এই গ্ৰন্থৰ আৰু এক বৰঙণি হ'ল ইয়াৰ বিশিষ্ট বিচাৰ-পদ্ধতি। মতানৈক্য বিষয়ত আমি কিম্বদন্তি মানিম নে চৰিত মানিম, বা চৰিতবোৰৰ অমিল হলে কোনখন চৰিতৰ কথা গ্ৰহণীয় বা বৰ্জনীয় বুলি ধৰিম, বা চৰিত আৰু মূল পুথিৰ ভিতৰত অমিল হ’লে ক’ত প্ৰাধান্য দিয়া হ'ব, আৰু পাঠান্তৰৰ বিবাদ থাকিলে তাৰ মীমাংসা