পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৯৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯১
মহাপুৰুষীয়া ধৰ্মত গীতা-দৰ্শনৰ সামঞ্জস্য (১)

বুঝিবা। ••সত্য আত্মাৰ বিনাশ নাই।•••যি আত্মায়ে সকল দেহাদিৰ সাক্ষীৰূপে ব্যাপ্তি আছে তাঙ্ক অবিনাশী কৰি জানিবা, সেই অব্যয় আত্মাৰ বিনাশ কৰিতে কেঞো নপাৰে। আত্মাৰ পুনু বিনাশ নাই, সুখ দুষ্ খ সম্বন্ধো নঘটে। এতেকে মোহ-জন্য শোক এড়ি স্বধৰ্ম যুদ্ধ কৰাঁ।

  “...পৰমাৰ্থত আত্মক নমাৰে, নমৰে। স্বৰূপত আত্মাৰ জন্ম নাই, মৰণো নঘটে, আছে হেনো নোহে, টুটনো নাই, পৰিণামো নেদেখি, বৃদ্ধিও নহয়; এতেকে শৰীৰ নষ্ট হৈলে আত্মাৰ নাশ নাই। যেন মনুষ্যে জীৰ্ণ বস্ত্ৰক পৰিত্যাগ কৰি নবীন বস্ত্ৰক গ্ৰহণ কৰে, এমনে আত্মায়ো পুৰণি দেহক এড়ি নৱীন দেহক স্বীকাৰ কৰে; কৰ্মনিবন্ধনে নতুন দেহ অৱশ্যে হৈব.••এই আত্মাক অস্ত্ৰয়ো নাকাটে, অগ্নিয়ো নদহে, জলেও কোমল নকৰে, বায়ুৱো নুশুখাৱে। এতেকে অছেদ্য অদাহ্য অক্লেদ্য অশোচ্য নিত্য সৰ্বগত অচল সনাতন অব্যক্ত অচিন্ত্য অপ্ৰাপ্য কৰি কহে।...

 “ন্যায় যুদ্ধ বিন ক্ষত্ৰিয়ৰ আন শ্ৰেয়স নাই। মহা শ্ৰেয়স তোমাৰ আপুনি মিলিছে, তাত কেমনে কম্প। ভাগ্যৱন্ত ক্ষত্ৰিয় সৱে অপ্ৰাৰ্থিত এমন যুদ্ধক লভে; যাতো আক অনাবৃত স্বৰ্গদ্বাৰ বুলি। যদি তুমি এই যুদ্ধ নকৰা তেৱে ধৰ্ম-কীৰ্তি দুইকো এড়ি পাপক লভিবা। যদি কৰ্ণাদি তোমাক বধে তেৱে স্বৰ্গ লভিবা; যদি তাৰাক জিনা, তেৱে পৃথিবী ভোগ কৰিবা; দুয়ো পক্ষে তোমাৰ লাভ দেখি। স্বধৰ্ম বুদ্ধিয়ে যুদ্ধ কৰিলে কদাচিতো পাপ নলভিবা••• ।

  “যাৰা সৱে পুষ্পিত বিষ-লতা সম আপাত-ৰমনীয় বেদৰ স্বৰ্গাদি ফলশ্ৰুতি বচনক পৰম ফল কৰি বোলে : যাতো বেদৰ স্তুতিপৰ বচনত প্ৰীত হুয়া জ্ঞান-শূন্য হুয়াছে। এতেকে স্বৰ্গত পৰ ঈশ্বৰকো প্ৰাপ্য কৰি নোবালে। কামে আকুচিত্ত হুয়া স্বৰ্গকে মহাপুৰুষাৰ্থ বুলি মানে। স্বৰ্গভোগ অন্তৰে জন্ম ধৰি কৰ্ম কৰি পুনু স্বৰ্গ পাইবো মানে : ভাগ্য-ঐশ্বৰ্যক পাইবাক লাগি নানা কৰ্মসৱো কৰে; সদাই