“সকল উপনিষদে ধেনু দোগ্ধা ভৈল তাৰ নন্দসূত
তাৰ বৎস ভৈল কুন্তীসুত ধনঞ্জয়।
দুগ্ধ ভৈল মহা গীতামৃত কৃষ্ণৰ চৰণে দিয়া চিত্ত
সুবুদ্ধি সকলে সন্তোষে পান কৰয়॥ ৬৬৭।
বেদৰ বৰ্ণাশ্ৰম ধৰ্ম বিচাৰাঁ? গীতাত পাবাঁ। বেদান্তৰ ব্ৰহ্মতত্ত্ব বিচাৰাঁ? গীতাতে আছে। জৰথুস্ত্ৰ ধৰ্মৰ একশৰণ লাগে? গীতাত পাবাঁ। বৌদ্ধ ধৰ্মৰ অহিংসা বিচাৰ? গীতা পঢ়াঁ। আকৌ যীশুৰ ক্ষমা লাগে? গীতাত পাবাঁ। মহম্মদৰ সাম্য বিচাৰাঁ? গীতা পঢ়াঁ৷ তেন্তে গীতা মানৱ জাতিৰ ভূত-ভবিষ্যতৰ সৰ্বগ্ৰাসী ধৰ্মৰূপে নাই বুলিও যোৱা তিনি সহস্ৰ বছৰ থিৰভাৱে ৰৈ আছে। “দোগ্ধা গোপাল নন্দনঃ” নিজে গীতা-মাহাত্ম্যত তল গল—
“গীত মে হৃদয়ং পাৰ্থ গীতা মে জ্ঞানমুত্তমম্।
গীতা মে জ্ঞানমত্যুগ্ৰং গীতা মে জ্ঞানমব্যয়ম।
গীতা মে চোত্তম স্থানং গীতা মে পৰমং পদম।
গীতা মে পৰমং গুহ্যং গীতা মে পৰমে গুৰু।”
ভাগৱত-তত্ত্বৰ দৰেই গীতা-তত্ত্বৰ বিষয়েও ভগবানৰ বাণী বুলিব পাৰি—“অহং বেদ্মি শুকো বেত্তি ব্যাসো বেত্তি ন বেত্তি বা।” গীতাৰ এই সাৰ্বজনীনতা যে মহাপুৰুষীয়া ধৰ্মত সম্পূৰ্ণ মজ্জাগতভাৱে আছে তাক বৈকুণ্ঠনাথৰ “কথা-গীতা”ৰ পৰাই বিশেষ দেখিবলৈ পাওঁহঁক।
অৰ্জ্জুনৰ মোহ দূৰ কৰিবলৈ কৃষ্ণই পোনতে দ্বিতীয় অধ্যায় সাংখ্য যোগৰ ব্যাখ্যা দিলে: “অৰ্জ্জুনে বোলন্ত, হে মধুসূদন, মঞি কাতৰে যুদ্ধ এড়িলোঁ, ই নহে; কিন্তু অন্যায় দেখিসে নিবৰ্ত্তিলোঁ...। হৃষিকেশ ভগৱন্তো হাস্যবদনে দেহাত্ম বিৱেক দেখাই তাহান মোহ দূৰ কৰিতে এই বাক্য বুলিলা। পৰমাৰ্থত জন্ম মৰণ নাই নিমিত্তে শোক নকৰিবঁ॥•••যেন দেহী পুৰুষৰ এই দেহাতে দেহ নিবন্ধন কৌমাৰ যৌবন জৰা অৱস্থা হয়, দেহান্তৰ-প্ৰাপ্তিকো তেমন