চৌৱাল্লিশ
মহাপুৰুষীয়া ধৰ্মত গীতা-দৰ্শনৰ সামঞ্জস্য (১)
যি সাধাৰণ অৰ্থত আমি মুছলমান, খৃষ্টান, আন নালাগে বৈদিক ধৰ্মও বুজোঁহঁত, গীতা ঠিক তেনে কোনো বিশেষ সম্প্ৰদায়ৰ ধৰ্ম নহয়; যদি গীতা-ধৰ্মৰ কিবা সম্প্ৰদায়-বিচাৰ আছে তেন্তে সি মানৱ সম্প্ৰদায়। যি পৰিস্থিতিত গীতাৰ উৎপত্তি, তালৈ মন কৰিলেই এই সত্য জলজল, পটপট হৈ ওলাই পৰে,
“ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুজুৎসৱাঃ
মামকাঃ পাণ্ডৱাশ্চৈব কিমকুৰ্বত সঞ্জয়।”
এয়ে গীতাৰ আৰম্ভণি কথা; বৈকুণ্ঠনাথৰ ভাষাৰে—“ধৃতৰাষ্ট্ৰে সঞ্জয়ত প্ৰশ্ন কৰন্ত, হে সঞ্জয়, মোৰ পুত্ৰসৱ পাণ্ডু পুত্ৰো সৱো ধৰ্মভূমি কুৰুক্ষেত্ৰত যুদ্ধক ইচ্ছায় মিলিত হুৱা কি কৰ্ম কৰিলা তাক মোত কহা।” ই ৰহস্যজনক প্ৰশ্ন সন্দেহ নাই। মোৰ পোহঁতে হাল-গৰু লৈ গৈ পথাৰত কি কৰিলে বুলি খেতিয়ক বাপেকে সোধা যেনে আচৰিত প্ৰশ্ন হয়, ইও তেনে। কাৰ্য্যতো ঠিক সেয়ে হল; দুৰ্ঘোৰ ৰণোদ্যমৰ মাজত ঠিয় হৈ অৰ্জ্জুনৰ ভীষণ মোহ উপস্থিত হল আৰু তেওঁ নুযুজিবলৈ থিৰ কৰাত কৃষ্ণই তেওঁক অশেষ ভৰ্ৎসনা কৰিলে।
“ক্লৈব্যং মাস্ম গমঃ পাৰ্থ! নৈতত্ত্বয়ুপপদ্যতে।
ক্ষুদ্ৰং হৃদয়দ্ৰৌৰ্বলং তক্তোত্তিষ্ঠ পৰন্তপ৷৷”
স্বভাৱতে বুজিব পাৰি, ই সংসাৰ ৰূপ কুৰুক্ষেত্ৰৰ যুদ্ধ; অৰ্জ্জুনৰ মোহ প্ৰতি জীৱৰ মোহ, আৰু কৃষ্ণৰ ভৰ্ৎসনা বিবেকৰ অনন্ত ভৰ্ৎসনা। গতিকে গীতা দৰ্শন শাস্ত্ৰ, আৰু ই অনন্ত যুগৰ অনন্ত মানৱৰ জীৱন-দৰ্শন। গীতাত যি নাই, সি জগতত নাই; গীতাই মানৱ মনৰ আধ্যাত্মিক ইতিহাসৰ অতীত-ভবিষ্যৎ সকলে সামৰিছে