পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৯৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৮৮
যুগনায়ক শঙ্কৰদেৱ

সন্ত মেথুৰ সমাচাৰ (২৷৩১) আদিৰ দৰে কোৰাণৰ (৩১৷১৩, ৪৷৪৮) নানা ঠাইত কোৱা হৈছে, ঈশ্বৰে মানুহৰ আন সমস্ত পাপ ক্ষমা কৰিব পাৰে, কিন্তু শ্বাৰ্ক, এই পাপ কেতিয়াও ক্ষমা নকৰে। মহম্মদৰ মতেও (২১৷২৫) তেওঁৰ পূৰ্বে এনে কোনো পয়গম্বৰ অহা নাই যি একেশ্বৰৰ ভক্তি বিনে আন কথা কৈছে। বৌদ্ধ নিৰ্বাণ আৰু মহাপুৰুষীয়া জীৱন্মুক্তিৰ দৰেই মহম্মদীয় ধৰ্ময়যো (৫০৷২২, ৮৯৷২৭-৩০, ১০৪৬-৭) ইহ জন্মতে আত্মাৰ উৎকৰ্ষ-অপকৰ্ষ বা স্বৰ্গ-নৰক ভোগৰ ইঙ্গিত দিয়ে। বৌদ্ধ আৰু মহাপুৰুষীয়া ধৰ্মৰ দৰেই কৰ্মফল, পুনৰ্জন্ম, পূৰ্বসংস্কাৰ আদি অনেক পৰিমাণে ইছলামেও (১১৷১১৫, ১২৷৯০, ১৮৷৩০, ১৯৭-৮) মানে বুলি বুজিব পাৰি। মহাপুৰুষীয়া মতে,

মূঢ়জনে বোলে মোক নেদেখিলে কেৱ।
হৃদয়ত দেখি আছে পঞ্চদশ দেৱ।” অনাদিপাতন।

 মহম্মদীয় ধৰ্মমতেও (১৩১১,৮২৯-১২) মানুহৰ ভাল-বেয়া কামৰ লেখ-বুজ কৰোঁতা শক্তি নিজৰ ভিতৰতে আছে, মহাপুৰুষীয়া নাম-মাহাত্ম্য, সাষ্টাঙ্গ প্ৰণাম মহম্মদীয় ধৰ্ময়ো স্বীকাৰ কৰে। উদাসীন ধৰ্ম মহাপুৰুষীয়া আৰু মহম্মদীয় উভয় ধৰ্মই অস্বীকাৰ কৰে; অথচ চাৰি সত্ৰ মহাপুৰুষীয়া ধৰ্মৰ ভিতৰত উদাসীন কেতিয়া কেনেকৈ সোমাবলৈ পালে ই চিন্তনীয় বিষয় : শঙ্কৰদেৱ-মাধৱদেৱৰ যে ই অভিপ্ৰেত নাছিল, ই নিশ্চিত। ব্যক্তিগতভাৱে মাধৱদেৱৰ দৰে একোজনে বিশেষ কাৰণত উদাসীন হৈ চলা কথাই এটা সামাজিক নীতিৰ স্বীকৃতি নিদিয়ে নিশ্চয়।

⸻⸻