মহা দুঃখে মূৰ্চ্ছা যায় শ্ৰুতি জ্ঞান হবে।
চিৰকাল পাতকী যাতনা ভুঞ্জি মৰে।” ৬ষ্ঠ, ভা
“পাইবে মনোৰথ সিদ্ধি মনে হেন মানে।
মোহ হুয়া অনেক পশুক বধে প্ৰাণে॥
পোষ। পশু-পক্ষী কৰে সিসৱে বিশ্বাস।
গুচে ভয় থাকে চাপি গৃহস্থৰ পাশ॥
মাতিলে আপুনি খায় হাততে আহাৰ।
তাক যিটো জনে বধে শুনা গতি তাৰ॥
অস্ত্ৰ-সস্ত্ৰ ধৰি পশু থাকে বাট চাই।
যেতিক্ষণে সিটো নৰে পৰলোকে যায়॥
কাটি-ছিণ্ডি বেৰি মোচৰয় কতো ঘাৰ।
ডোখৰা-ডুখৰি কৰি মাংস খায় তাৰ॥” নি, ন, সি
খৃষ্টধৰ্মত বৌদ্ধ ধৰ্মৰ সাৰ-মৰ্ম অহিংসা আদি যিখিনি সোমাই আছে সেইখিনি অৱশ্যে মহাপুৰুষীয়া ধৰ্মত পোৱা হয়। তদুপৰি একেশ্বৰবাদ বিষয়ত খৃষ্টধৰ্মতকৈ মহাপুৰুষীয়া ধৰ্ম কম কঠোৰ নহয়। নিউ টেষ্টামেন্টত সন্ত মেথুৰ সমাচাৰত আছে-৬।২২। শৰীৰৰ জ্যোতি হল চকু; তোমাৰ চকু যদি এক দৃষ্টিসম্পন্ন ( একেশ্বৰ লক্ষ্যযুক্ত) হয় তেন্তে তোমাৰ সমস্ত শৰীৰ পোহৰত উদ্ভাসিত হব। ‘৬।২৪। কোনো মানুহে দুজন গৰাকীক তোষিব নোৱাৰে। ৬।৩৩। পাছে পোনতে ঈশ্বৰ আৰু তেওঁৰ সত্য ৰাজ্যৰ অন্বেষণ কৰা; তুমি বিচৰাঁ সকলোখিনি হাতে হাতে পাবাঁ। ৭।৭ খোঁজা, দিব;বিচাৰাঁ,পাবাঁ, টোকৰ মাৰা, মুকলি হব। ৭।১৩ ঠেকখন জপনাই সোমাবাঁ, কিয়নো বহল জপনা আৰু মুকলি বাটে সৰ্বনাশৰ ফালে আদৰি নিয়ে; আৰু সেইপিনে যাওঁতাবোৰৰ লেখ-জোখ নাই। ‘৭।১৪। জপনাখনো চেপা-মৰা আৰু বাটটোও ঠেক, সেয়ে (প্ৰকৃত) জীৱনৰ বাট; তাক বিচাৰি পাওঁতাও লেখত তাকৰ। ১৬।২৬ এজনে জানিবা সংসাৰখন জিনিলে, নিজ আত্মাৰ ধ্বংস কৰি; তেওঁৰ