জগতৰ পুণ্য মানে জানা নিষ্ট কৰি।
প্ৰাণী উপকাৰৰ অল্পক নুহি সৰি॥
হেন জনি প্ৰাণীক অভয় দিয়া দান।
বোলা হৰি হৰি পাইবা বৈকুণ্ঠত স্থান॥ হ, উ
“পলু পিম্পক যিটো ৰাখে যত্ন কৰি।
ছয় মাস মানে তাত তুষ্ট হোন্ত হৰি॥” ৮ম, তা
“বিশেষত মহন্তৰ এহি ব্যৱহাৰ।
পৰ জীৱ ৰাখে জীৱ দিয়া আপোনাৰ॥
অভয় দানত পৰে ধৰ্ম নাহি আন।
কোটি অশ্বমেধো তাৰ নুহিক সমান॥”
“যত দেখা ভূত প্ৰাণী, সৱে বিষ্ণু হেন জানি
হিংসা এড়ি কৰা উপকাৰ।
বিষ্ণুক মনত ধৰাঁ শ্ৰৱণ-কীৰ্তন কৰাঁ
নিস্তাৰিবা তেৱেসে সংসাৰ।” ৮ম, ভা
“যিটো মন্দমতি অতি একোকে নুবুজে।
ব্যৰ্থ পশু-পক্ষী মাৰি সকুটুম্বে ভুঞ্জে॥
মহা ৰৌৰৱত পৰে নাহিকে নিস্তাৰ।
ৰু ৰু পশুগণে বেঢ়ি মাংস খায় তাৰ।৷
প্ৰাণীক নিৰোধে যিটো গাত গহবৰত।
তাকো যমদূতে পোতে যমৰ পুৰত।৷” ৬ষ্ঠ,
ঘৰ-পোষা পশু যিটো কৰে বলি দান।
পৰম অজ্ঞানী সিটো ৰাক্ষস সমান।৷
যি কাৰ্য্যে কাটিলে বলি তাতো নাহি আশ
চিৰকালে তমো নৰকত কৰে বাস।৷
পাছে পৰকালে আৰু সেহি পশু পাই।
কাটি কাটি শৰীৰক মাংস ছিণ্ডি খায়।