গুৰু-উপদেশ লব্ধ শিষ্যসৱে
উপদেশ সাৰ ধৰাঁ
যেৱে ঈশ্বৰক পাইবা যত্ন কৰি
বুদ্ধিক সত্তস্থ কৰাঁ।৷ ২৫৫।
শাস্ত্ৰ-গুৰু-সবে শিষ্যৰ কপায়ে
শুদ্ধ উপদেশ দিব।
শিষ্যসৱে শুদ্ধ- ভাৱে নাচৰিলে
তাৰসৱে কি কৰিব।৷ ২৫৬।
শিষ্যসৱে যেৱে মহা শুদ্ধভাৱে
উপদেশ আচৰয়।
শাস্ত্ৰ-গুৰু-আপো নাকো সিটো শিষ্য
তিনিকো ৰক্ষা কৰয়।৷ ২৫৭।
মজদীয় ধৰ্মৰ আন এটি বিশেষত্ব, তেওঁলোকৰ যস্ন (যজ্ঞ) আছে, অগ্নি সদায় ধৰ্মকাৰ্য্যৰ সহচৰ; কিন্তু তেওঁলোকে কোনো প্ৰকাৰে অগ্নিক পূজা নকৰে, অগ্নিত আহুতি নিদিয়ে। মহাপুৰুষীয়া ধৰ্মত বৰপেটা সত্ৰৰ অক্ষয় বন্তি, বা সদৌ মহাপুৰুষীয়া ধৰ্মকাৰ্য্যত জ্বলোৱা বন্তিৰ লগত তাক তুলনা কৰিব পাৰি।
বৌদ্ধধৰ্মৰ লগত মহাপুৰুষীয়া ধৰ্মৰ বিভিন্ন সামঞ্জস্যৰ কথা আগতে কৈ অহা হৈছে। তাৰ ভিতৰত দুই ধৰ্মৰ নৈতিক লক্ষ্য প্ৰধানকৈ মন কৰিবলগীয়া। বৌদ্ধ ধৰ্মৰ “বুদ্ধং শৰণং গচ্ছামি” মহাপুৰুষীয়া গুৰুত শৰণ, “ধৰ্ম্মং শৰণং গচ্ছামি” মহাপুৰুষীয়া নামত শৰণ, আৰু “সঙ্ঘং শৰণং গচ্ছামি” মহাপুৰুষীয়া ভক্তত শৰণৰ সম্পূৰ্ণ সমকক্ষ। বৌদ্ধ নিৰ্বাণ মহাপুৰুষীয়া জীৱন্মুক্তি সমপৰ্য্যায়ৰ বুলি বুজিব পাৰি। বৌদ্ধ ধৰ্মৰ অহিংসা, ভূত-দয়া মহাপুৰুষীয়া ধৰ্মৰ মজ্জাগত :
“কৰিবা ভূতক দয়া সকৰুণ চিত্ত।
হুইবা শান্ত চিত্ত বৎসল সৰ্বজনত।” ভ,প্ৰ