পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৮৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তেয়াল্লিশ

মহাপুৰুষীয়া ধৰ্মত অতীতৰ সমন্বয়

মানুহ যেনেকৈ জীৱ-জন্তুৰ অভিব্যক্তিৰ চৰম পৰিণতি, মানুহৰ বৰ্ত্তমান ধৰ্ম-কৰ্ম চিন্তা-চৰ্চাও তেনেকৈ অতীতৰ মানসিক কাৰ্য্যাৱলীৰ উৎকৰ্ষৰ প্ৰমাণ। মানুহে যেনেকৈ জীৱ-জন্তুৰ ভিতৰেদি হোৱা সেই পৰিণতিৰ সাঁচ অটুট ৰাখিছে, মানুহৰ বৰ্ত্তমান চিন্তা-ধাৰায়ে তেনেকৈ সেই অতীতৰ চিন্তা-সোতৰ সুতি জীয়াই ৰাখিছে।

 মহাপুৰুষীয়া ধৰ্ম নিশ্চয় এক আকস্মিক ঘটনা নহয়। ইয়াৰ সুদীৰ্ঘ ভবিষ্যতৰ যিদৰে আমি স্পষ্ট ইঙ্গিত পাওঁ, সুদূৰ অতীতৰ লগত থকা ইয়াৰ সম্বন্ধ-সূত্ৰৰ সেইদৰে আঁত সহজে উলিয়াব পাৰোহঁক। এই সম্পৰ্কত আমি মনত ৰাখিব লাগিব যে মানৱ দেহৰ দৰেই মানৱ মন আৰু তাৰ চিন্তাৰ সুতি মূলত অভিন্ন আৰু একক।

 চাৰিবেদৰ বহুশৰণত যদিও আমি পোনতে পুৰোহিত শ্ৰেণীৰ হীন ক্ষুদ্ৰ স্বাৰ্থজড়িত ভাবৰ উগাৰ মাত্ৰ দেখিবলৈ পাওঁ, তথাপি তাৰ শেষ ৰূপান্তৰত “তৎ একং সৎ বিপ্ৰাঃ বহুধা বদন্তি” আদি বাক্যত, তাৰ প্ৰায় তিনি হাজাৰ বছৰৰ পৰবৰ্তী মহাপুৰুষীয়া ধৰ্মৰ “এক দেৱ এক সেৱ এক বিনে নাই কেৱ” বাণীৰ প্ৰথম ধ্বনি শুনিবলৈ পাওঁহঁত। তাৰ পাছত বেদান্তৰ অভূতপূৰ্ব জোৱাৰৰ কালত যেতিয়া আত্মহীন পূজা-পাতলৰ পদ্ধতি খোল-পতুৱাৰ দৰে উটি গল, তাতো আমি শঙ্কৰদেৱৰ সেই চিৰন্তন নিষেধ আজ্ঞাৰ আগজাননী পাওঁ-

“অন্য দেৱী দেৱ নকৰিবা সেৱ
 গৃহো নপশিবা তাৰ।
মূৰ্ত্তিকো নাচাইবাঁ,  এসাদো নাখাইবাঁ;
 ভক্তি হৈব ব্যভিচাৰ।”