পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৮৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭৮
যুগনায়ক শঙ্কৰদেৱ


কোনোবাই কবৰ দৰে গুৰু-শিষ্য়ৰ সম্বন্ধ গৰু-শস্যৰ সম্বন্ধ কেতিয়াও নহয়।

 য’ত মানৱ চিত্তৰ স্ফুৰণ বা স্বাধীনতা নাই, তেনে ধৰ্ম আজিৰ যুগে কেতিয়াও বুলি গ্ৰহণ নকৰে। ইহাতে প্ৰক্সি ( আনৰ সহায়) দ্বাৰা নিজ মুক্তিলাভ, তাকো আজিৰ জগতে নিবিচাৰে। কোনো হিন্দু বিবাহ পদ্ধতিত হেনো পুৰোহিতে নিজৰ নামত কন্যাক বিবাহ কৰাই অলপ দক্ষিণাত পাছত বৰক সেই কন্যাৰ স্বত্বদান কৰা লৌকিক ৰীতি আছে। আধুনিক তেনে মুক্তি-কন্যাও কোনেও একোপধ্যে গ্ৰহণ নকৰে, আৰু তাক অসভ্য প্ৰথা বুলি নিন্দা কৰে।বৰে নিজ কন্যা নিজে নিজলৈ বুলি বিবাহ কৰোৱাৰ দৰে আজিৰ যুগে নিজে নিজৰ মুক্তি-সাধনৰ বাবে ৰত্নপৰ আৰু তাৰ লাভত তৎপৰ হব।

 বুদ্ধদেৱে তেওঁৰ “বিমুত্তিৰসো” অৰ্থাৎ মুক্তিৰসৰ কথাত কৈছিল, “একবসো লোণৰসো”—সকলো সোৱাদৰ মূলত যিদৰে লোণৰ সোৱাদ, সকলো সুখৰ গুৰিত সেইদৰে মুক্তি-সুখ প্ৰধান। কৌটিল্য বিষ্ণুগুপ্তই তেওঁৰ “অৰ্থশাস্ত্ৰ”ৰ গদ্যত কবৰ দৰে নিজৰ বা নিজ পো- পোৱালিৰ জীৱন-বিক্ৰয় ম্লেচ্ছৰ বাবে ডাঙৰ জগৰৰ কথা নহব পাৰে, কিন্তু আৰ্য্য়-সন্তান কস্মিনকালেও দাস নহব। চন্দ্ৰগুপ্ত মৌৰ্য্য়ৰ ৰাজ- সভাৰ গ্ৰীক দূত মেগাস্থেনিছে মন্তব্য কৰিছিল—ভাৰতীয় প্ৰাচীন দাৰ্শনিকসকলৰ মতৰ ওপৰত প্ৰতিষ্ঠিত এক উচ্চ নীতি ভাৰতবৰ্ষৰ মানুহৰ মাজত প্ৰচলিত আছিল যে কোনো অৱস্থাতে তেওঁলোক কাৰো দাস নহব, আৰু নিজে স্বাধীন থাকি আনৰো স্বাধীনতাৰ স্বত্বক সম্মান কৰিব। মেগাস্থেনিছৰ “ইণ্ডিকা” গ্ৰন্থৰ পৰা পৰবৰ্তী লেখক আৰিয়ানে সংগ্ৰহ কৰিছিল,—ভাৰতবাসী আৰ্য্য় সদৌ স্বাধীন আছিল, আৰু কোনো এজনো দাস নাছিল। (Ceylon Lectures, pp 274-75).

 বুদ্ধদেৱৰ মত আছিল “এহি পসস” আহাঁ, চোৱা। কোনো শিক্ষা লোকে বিনা-বিচাৰে গ্ৰহণ কৰিব এইটো তেওঁৰ অভিপ্ৰায় নাহিল।