প্ৰণালীমতে হৰিণাটোৰ এদিন এটা পিড়া, আন এদিন আন এটা
পিডা, এইদৰে কাটিব নোৱাৰি; হৰিণাৰ মঙহ খাবলৈ হলে গোটেই
হৰিণাটোকে মাৰি লব লাগিব। গতিকে নতুন জগতৰ শান্তি-সৈন্য
সমূহে বৰ্ত্তমান শিক্ষাৰ ৰক্ত-বীজ একেবাৰে গুচাব লাগিব।
“ধৰমৰ নামত কত অধম,
পুণ্যৰ নামত পাপ।
সচাৰ নামত দেখি মোৰ লাগিছে তাপ।”
কত মিছা কথা,
ধৰ্মৰ নামত আজিলৈকে জগতত যিমান ৰক্তপাত হৈছে, ধৰ্মৰ নামত চিৰকাল যি শোষণ-প্ৰৱঞ্চনা হব লাগিছে, আন একোৰে নামত তেনে হোৱা নাই। ঈশ্বৰৰ নামত, পুণ্য আৰু মুক্তিৰ নামত, এই পাপ-বেহাৰ অন্ত নাই বাবেই আজি বহুত লোকেই প্ৰকাশ্যভাৱে ধৰ্মৰ বিৰুদ্ধে ঠিয় হৈছে। অকল ইমানেই নহয়, যি ধৰ্ম-বস্তুৱে মানৱ জাতিক এক কৰিব লাগিছিল সেই ধৰ্মৰ বাবেই তাৰ বিপৰীতে আজি ভাই-ভাই ঠাই-ঠাই হৈছে। ত্ৰিপিটকাচাৰ্য্য় ডক্টৰ বেণীমাধৱ বৰুৱাই এই বিষয়ে কৰা মন্তব্য কেইটি বিশেষকৈ চিন্তা কৰি চাবলগীয়া :—“উচ্চাত্মিকাৰ দম্ভালি আৰু কোনো কোনো বিশেষ ধৰ্ম আৰু সামাজিক আৰু আন অনুষ্ঠানৰ বাহিৰ লোকৰ প্ৰতি দকৈ শিপোৱা ঘৃণাৰ পৰা পোৱালি মেলা আৰ্য্য়-ম্লেচ্ছ, ঈশ্বৰৰ আদৃত-অভিশপ্ত, খৃষ্টান-জড়োপাসক, মুছলিম-কাফেৰ আদি মামুলি ভেদবোৰে জগতক আমুৱাইছে।...
“আমি আধুনিক যুগৰ মানুহবিলাক আমাৰ পূৰ্বপুৰুষসকলতকৈ বহুত সুবিধাৰ ঠাইত আছোঁ। তেওঁলোকতকৈ ভালেখিনি প্ৰকাৰে আমাৰ বিধি-পথালি তাকৰ। ভাষাব বেমেজালি ঘটোৱা বাবেলৰ দুৰ্গ এতিয়া অতীতৰ এটি স্মৃতিস্তম্ভ মাত্ৰ। ভাষামূলক অধ্যয়ন আৰু গৱেষণাৰ প্ৰভূত উন্নতিয়ে সকলো গঢ়ৰ মানৱী ভাষা যথেষ্টৰূপে