শোক-লাজ-ভয় নাথাকিব আৰু নতুন জগত সিটো।
হেৰোৱা বীণৰ আনন্দৰ সুৰ বাজিব দিনৰ দিনটো।”
এই নতুন জগতৰ নতুন মানুহ নিজৰ সমাজৰ আৰু বিশ্বৰ ভাগ্যনিয়ন্তা হব লাগিব; নিত্যনতুন, নিত্যপ্ৰগতিশীল, নিত্যনৱ মনোবিজ্ঞানৰ সৈতে এই নতুন মানুহে নিজৰ জীৱন-গীতা ৰচিব লাগিব। ফাপৰেখোৱা মামৰে-ধৰা “তামাদি” জগতৰ বিৰুদ্ধে প্ৰকাশ্য ষড়যন্ত্ৰ কৰি বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে সদৌ মানৱ জাতিৰ বাবে নিত্যনতুন মুখৰ এক নিত্যনতুন সমাজ গঢ়িব লাগিব। অকল নিজৰ, নিজ সম্প্ৰদায় বা নিজ জাতিৰ বাবে নহয়, কিন্তু সদৌ জীৱ আৰু সদৌ মানৱৰ সমূহীয়া সুখৰ কাৰণে সকলে পুৰুষাৰ্থৰ নৱ-নৱীকৰণৰ (new orientation) দ্বাৰা প্ৰতি নতুন দিন প্ৰতি নতুন মুহূৰ্ত যাতে সিহঁতৰ পূৰ্বৰ দিন আৰু মুহুৰ্তবোৰতকৈ সুখৰ হয় তাৰ বাবে প্ৰাণপণ কৰিব লাগিব। টোপনিত মোক্ মোকোৱা ৰোগৰ পৰা সাৰ পাই উঠাৰ দৰে তেতিয়া সদৌৱে অনুভৱ কৰিব পাৰিব গাইগুটীয়া সুখৰ বাবে খোৱা-কামোৰাৰ সলনি উমৈহতীয়া সুখৰ মহামেলা আৰম্ভ হৈছে, আৰু সদৌৱে মানসিক নৱজন্ম লাভ কৰিছে।
বিজ্ঞানৰ ইমান উন্নতি সত্ত্বেও, সভ্যতাৰ ইমান অগ্ৰগতি পৰিবৰ্তে ও বৰ্তমান জগতৰ মানুহৰ হাহাকাৰ দুখ-নিকাৰ যে বাঢ়িছেহে, টুটা নাই; বাহিৰৰ কোনো উল্কাপাত, মহামাৰি বা অগ্ন্য়ুৎপাতৰ পৰা যে সি ঘটা নাই, বৰঞ্চ এই গ্ৰহবাসী মানুহৰ নিজ সমাজত আৰু নিজ অন্তৰতহে যে তাৰ কম্পন-কে লুকাই আছে তাত সন্দেহ নাই। গতিকে পুৰণি জগতৰ ধ্বংসলীলা-ভূমিত নৱাগত জগতৰ নতুন পাতনি কৰিবলৈ হলে, চলিত শিক্ষা-পদ্ধতিৰ ভিতৰে- দিয়েই প্ৰকাশ্য ষড়যন্ত্ৰ আৰম্ভ কৰিব লাগিব নিশ্চয়। এই শিক্ষা- পদ্ধতিৰ ফিচিকা কাপোৰত নতুন টাপলি সময় আৰু শক্তিৰ অপব্যৱহাৰ মাত্ৰ। গতিকে পূৰ্ণ বিপ্লৱৰ দ্বাৰা পুৰণি শিক্ষাপদ্ধতিৰ নিমূল সাধন হব লাগিব। জ্ঞানীৰ ভাও জোৰা সংস্কাৰকামীবিলাকে কৰা সংস্কাৰৰ