পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
যুগনায়ক শঙ্কৰদেৱ

মোৰ অৱশ্য পালনীয়। গতিকে মই যম ৰজাৰ দেশলৈ ওলালোঁ; তুমি মোৰ বাবে শোক নকৰিবাঁ।

 শিশু নচিকেতা গৈ যম ৰজাৰ ঘৰ পোৱা সময়ত যম ৰজা ঘৰত নাছিল। তিনি দিনৰ মূৰত যম ৰজা ঘৰ ওলালহি; তেওঁৰ অবিহনে, শিশু হলেও, অতিথি-শুশ্ৰূষা নোহোৱাকৈ তিনি দিন তেওঁৰ ঘৰত থাকিব লগা বাবে নচিকেতাক তিনিটা বৰ খুজিবলৈ কলে। নচিকেতাই কলে, ‘হে ধৰ্ম (যম), মোক তেন্তে প্ৰথমতে এই বৰ দিয়াঁ যেন মোৰ পিতাৰ চিত্ত প্ৰসন্ন হয়।’ ‘তথাস্তু। দ্বিতীয় বৰ লোৱাঁ।’ ‘হে ধৰ্ম, দ্বিতীয়ত মোক এই বৰ দিয়াঁ যেন অগ্নি-বিজ্ঞানত মই সিদ্ধি লভোঁ’। ‘তথাস্তু। শেষ বৰ লোৱাঁ।’। ‘হে ধৰ্ম, অমৃত ( অমৰত্ব) লাভ কেনেকৈ হয় তাক যেন মই জানিব পাৰোঁ, এই শেষ বৰ দিয়া।’ তেতিয়া যম ৰজাই নচিকেতাক কলে, ‘ই এনে দুৰ্জ্ঞেয় বিষয় যে দেৱতাবিলাকৰো তাত সংশয় আছে; গতিকে তুমি আন বৰ প্ৰাৰ্থনা কৰা। নচিকেতাই কলে, ‘হে ধৰ্ম, দেৱতাৰ পক্ষেও যদি এই বিষয় দুৰ্জ্ঞেয় হয়, তেন্তেনো বাৰু তোমাৰ বাহিৰে কোনে মোক এই জ্ঞান দিব? এতেকে এই বৰ বিনে আন কোনো বৰকে মই বাঞ্ছা কৰিব নোৱাৰোঁ’। যমে কলে, ‘নচিকেতা, ৰাজোচিত ধন-সম্পত্তি, দীৰ্ঘায়ু, দীৰ্ঘজীৱী পুত্ৰ-নাতি, দেৱ-দুৰ্লভ ভোগ, যি লাগে মই তাকে দিব পাৰোঁ; তুমি মুঠেই এই বৰ নুখুজিবাঁ’। নচিকেতাই কলে, ‘ধৰ্মৰাজ, এই সকলো ভোগ দুদিনীয়া; এতেকে মোক সেইবোৰৰ কথা নকৈ মোৰ প্ৰাৰ্থিত বৰ দান কৰাঁ’। তেতিয়া যম ৰজাই জন্ম- মৃত্যুৰ ৰহস্য আৰু অমৃত-লাভৰ উপায় নচিকেতাক শিকাই দিলে, আৰু প্ৰেয়ঃ এৰি শ্ৰেয়ঃ আকাঙ্খা কৰা বাবে তেওঁক ধন্য বুলিলে।

⸺⸺