বহুতৰ মনৰ পৰা আঁতৰ হব নাপায়। কিন্তু তাৰ ঠাইত আজি আছিয়া-আফ্ৰিকা, যুৰপ-আমেৰিকাও বৰঘৰ-মাৰলঘৰৰ নিচিনা হৈ পৰিল, আৰু আগৰ মানুহৰ পৃথিবী নামৰ এই তাকৰীয়া ঘৰখন এনে উৰুঙা উৰুঙা লগা হেতুকেই মানুহে আজি মঙ্গল-গ্ৰহ আৰু চন্দ্ৰ- উপগ্ৰহত নতুন পাম বা নতুন চুবুৰি বিচাৰিছে।
পৃথিবী শুকাই টোটোৰা লাগি ইমান সৰু হোৱাৰ লগে লগে মানুহৰ চকুবোৰ ইমান বৰ হৈ হাজাৰ যোজনৰ দূৰত থকা মানুহকো (টেলিভিছন্ যন্ত্ৰৰ যোগেদি ) নাকৰ গুৰিত থকা মানুহক দেখাৰ দৰেই দেখিবলৈ পোৱা হ'ল! পৃথিবীৰ গা-গাৰি লাহী হোৱাৰ লগে লগে মানুহৰ কাণবোৰো ইমান বৰ হৈ পৰিল যে পৃথিবীৰ সিমূৰত বেজিটো মাটিত পৰাৰ শব্দও পৃথিবীৰ ইমূৰত শুনিবলৈ পোৱা হ’ল! কিন্তু, দুখৰ কথা, মানুহৰ এই কায়িক প্ৰসাৰৰ অনুপাতে মানসিক প্ৰসাৰ এতিয়ালৈকে হোৱা নাই; অৰ্থাৎ মানুহৰ আজি অসম্ভৱ ৰূপে বাঢ়ি অহা চকু আৰু কাণ ইংৰাজী সাধুৰ ৰঙা ওৰণী লোৱা সৰু ছোৱালীটীৰ বুঢ়ীমাকৰ ভাও জোৰ কুকুৰনেচীয়া বাঘজনীৰ চকু আৰু কাণৰ নিচিনা হৈয়ে আছে। মানুহৰ ভিতৰত, জাতিৰ মাজত, হিংসা প্ৰবৃত্তি এতিয়াও গুচিবলৈ বাকী।
সি যিহওক, আজিৰ দৰে যে বিশ্ব-মানৱৰ মহামিলন জগতৰ বুৰঞ্জীত, মানুহৰ ইতিহাসত, আগতে কেতিয়াও ঘটা নাই ই নিশ্চিত। আজি আমি চকুৰ আগতে দেখিবলৈ পাইছোঁ জাতিৰ বুৰঞ্জী জগতৰ বুৰঞ্জীত মাৰ গৈছে; দেশ-প্ৰেম পুণ্যৰ পৰিবৰ্তে নিৰ্দোষ পাপ বুলি স্বীকৃত হৈছে। কেতিয়াকৈ দেশ-প্ৰদেশ-মহাদেশৰ সীমাৰ নিৰুদ্দেশ হব তালৈকে আমি এতিয়া বাট চাব লগা হৈছে।
আগতে মানুহে কল্পনাও কৰিব নোৱৰা যি উন্নতি কুৰি শতিকাৰ বিজ্ঞানে দেখুৱাই আমাৰ চকুত চমক লগাইছে, তাৰ সত্বেও যে আজি মানুহৰ হাহাকাৰ আৰু দুখ-নিকাৰ গুচা নাই কিয় তাকহে বিচাৰ কৰিবলগা হৈছে। আজি অযুত যন্ত্ৰশক্তিৰ উদ্ভাৱনাত