“মহাপুৰুষে তেখেতৰ প্ৰিয় শিষ মাধৱদেৱক কৈ গৈছিল ‘গোপাল নামৰ ব্ৰাহ্মণ লৰা এটি মোক বিচাৰি আহিব; কিন্তু তেওঁ মোক লগ নাপাই কিংকৰ্ত্তব্যবিমূঢ় হব। তেওঁক মোৰ আজ্ঞা শুনাই কবাঁ উজনি অসমৰ প্ৰজা সকলে আজিও হৰি-ভজনৰ উপায় নাপাই সকলোটি অজ্ঞান অন্ধকাৰতে বুৰ গৈ আছে। আহোম ৰজাৰ অত্যাচাৰত মই ধৰ্ম প্ৰচাৰ কৰিবলৈ আগ বাঢ়িব নোৱাৰিলোঁ। গোপালক কবাঁ তেওঁ উজনী অসমলৈ যাব লাগিব আৰু জীৱ-উদ্ধাৰৰ পথ দেখুৱাব লাগিব। এই ভাগৱত পুথিখন গোপাললৈ থ’লোঁ; গোপাল আহিলে তুমি এই পুথিখন গোপালক দিবাঁ আৰু আমাৰ আজ্ঞা শুধাবাঁ।•••বংশী গোপালদেৱে মাধৱদেৱৰ মুখে এই আদেশ শুনি তাৰ কথা তেখেতৰ গুৰু দামোদৰদেৱৰ আগত প্ৰকাশ কৰিলে। তেতিয়া দামোদৰ- দেৱেও ক’লে “মহাপুৰুষ শঙ্কৰদেৱে যিটো কাম ভাল বুলি আজ্ঞা কৰি গৈছে সেই কাম অতি উত্তম বুলি মইও সমৰ্থন কৰিছোঁ।” •••সেই বংশী গোপালৰে যথাৰ্থ উত্তৰাধিকাৰী কুৰুৱাবাহী আৰু গড়মূৰ সত্ৰৰ গুৰু-পদবীধাৰী মহন্তসকলে কেবা পুৰুষলৈকে ভাগৱতী ধৰ্ম্মৰ যথাৰ্থ বাহক ৰূপে দেশত কৰ্ত্তব্য কাম কৰি আহিছিল। কিন্তু কেই পুৰুষমানৰ পাছত আমালোকৰ পূৰ্বপুৰুষসকলে। মহাপুৰুষৰ আদৰ্শৰপৰা ভ্ৰষ্ট হ'ল। আমালোক গুৰু-নামধাৰী লোকসকলেই মহাপুৰুষৰ পথৰে অনুবৰ্তী বুলি স্বীকাৰ কৰিও কায্যস্থলত মহাপুৰুষৰ নামত কলঙ্ক সানিছোঁহক। ক্ৰমান্বয়ে আমালোক চাৰিসত্ৰীয়া নামধাৰীসকলে মহাপুৰুষৰ নামকে নুশুনা হলোঁ আৰু মহাপুৰুষৰ লগত আমাৰ কোনো সম্পৰ্ক নাই বুলি আমালোকে নিজে নিজেই পাবতে গজালি মেলিলোঁহক। মইও সেই সকলৰে এজন প্ৰধান আছিলোঁ আৰু মহাপুৰুষ শঙ্কৰদেৱৰ নাম শুনলে তিনি জাপ মাৰিছিলোঁ। ভাগ্যে বা পূৰ্ব্বজন্মৰ পুণ্যৰ ফলত মোৰ ভুল বুজিব পাৰি ক্ৰমে ক্ৰমে চিন্তা কৰি সুপথলৈ আহিলোঁ। সেই বাবেহে আজি অপোনা- সকলে এই অভাজনক মহাপুৰুষ শঙ্কৰদেৱৰ ধৰ্ম্মৰ আলোচনা কৰা হেন মহৎ কামলৈ আহ্বান কৰিব পাৰিছে। মহাপুৰুষসকলৰ পাৱৰ ধূলিৰো উপাসক সকলৰ পাৱৰ ধূলি বুলি এই অভাজনক উপলব্ধি কৰক।”
—পীতাম্বৰদেৱ গোস্বামী। বৰপেটা শ্ৰীমন্ত শঙ্কৰ পঞ্চশত বাৰ্ষিকীৰ সিদ্ধান্ত সভাৰ সভাপতি অভিভাষণ।