যোগায়’। “স্নান কৰিয়েই যদি মুক্তি পায়, তেন্তে ভেকুলিবোৰ সদায় স্নানতে থাকে। পাছে যেই ভেকুলি সেই মানুহ, ঘূৰি ঘুৰি সেই যোনীত জন্ম লয়’’।
‘আল্লা যে পুৰুষ বা তিৰুতা নহয়, তুমি ঠিকেই কৈছা। পাছে পঢ়ি বা পঢ়াই একো ফল নধৰে যদি অন্তৰে তাৰ ভু নাপায়’। ’গুৰু হব লাগে শানৰ দৰে, মুহুৰ্ততে জন্ম-জন্মান্তৰৰ মামৰ গুচাই দিয়ে’। ‘শগুণ আকাশত উৰে, পাছে তাৰ চকু থাকে মাটিৰ পচা শৱটোত; সেইদৰে গুৰুও যদি হয়, তেন্তে শাস্ত্ৰৰ কথা কলেই তেওঁ সাধু হ’ল নে?’ ‘অকল ওখ ( মহৎ) হলেই হল নে? তাল গছ ওখ, পাছে তাৰ ছাঁত কেওঁ নবহে, গুটিও নাপায়’।
কবীৰৰ বহুত দোহা মহাপুৰুষীয়া নামৰ লগত মিলে। নাম- ৰত্ন সাঁচাঁ, ই কেতিয়াও নেহেৰায়; জুয়ে নোপোৰে, বতাহে উৰাই নিনিয়ে, চোৰে চুৰ নকৰে’। তুলনীয়, “অ’ হৰি, হৰি, নাম ললে নেহেৰায়। ডকাইতে নিনিয়ে পাই, চোৰেও নিনিয়ে চুৰ কৰি। ভাই বটা নাবাটে, অগ্নিয়ে নোপোৰে, ৰজাই নিনিয়ে দঁড় কৰি।” ‘নৱখন দুৱাৰেৰে এটি সজা, তাত থাকে বায়ুৰ স্বভাৱৰ এটি চৰাই; তেও যে সি তাত থাকে সেইটোহে আচৰিত, উৰি যোৱাত আৰু আচৰিত কি?’ তুলনীয়, “সাৰ কৰাঁ হৰি নামৰ মালা” দেহ-বিচাৰত গীত। কবীৰক সাধাৰণতে ছুফী কবিসকলৰ দৰে ৰহস্যবাদী বুলিও ধৰা হয়।
⸺⸺