পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৭৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬৫
লুথাৰ, কবীৰ আৰু শঙ্কৰদেৱ

কাশীৰামৰ যেনেকৈ মাধৱ কন্দলী আৰু ৰাম সৰস্বতীৰ লগত তুলনা নহয়, কবীৰৰো সেইদৰে শঙ্কৰদেৱৰ সৈতে তুলনা নহয়। কবীৰ কেৱল সাধক; শঙ্কৰদেৱ অকল সাধকেই নহয়, পণ্ডিতও। শঙ্কৰদেৱৰ দৰে কবীৰৰ শাস্ত্ৰ-চৰ্চ্চা নাছিল, স্বাভাৱিক অনুভৱৰ দ্বাৰা সত্য-উপলব্ধি কৰি তাকে প্ৰকাশ কৰিছিল।

 দৈৱিক শক্তি বা অভাৱৰ গুণত কবীৰৰ অনুভৱ যেনে তীক্ষ্ণ আছিল, তেওঁৰ প্ৰকাশিকা শক্তি আৰু বিশ্বাসও তেনে তীব্ৰ আৰু গভীৰ আছিল। এই জন্মাৰ্জিত জ্ঞানৰ বাবেই তেওঁ শাস্ত্ৰীয় সত্যবোৰ বিচক্ষণতাৰে উপলব্ধি কৰি অপূৰ্ব প্ৰকাশিকা শক্তিৰ দ্বাৰা মানুহক অনুভূত কৰাব পাৰিছিল। কবীৰৰ দোহাবোৰৰ জনপ্ৰিয়তা বিস্তাৰিত হোৱাৰ লগে লগে অনেক সময়ত তাৰে কিছুমান আন কথাৰ লগত সানমিহলি হৈ পৰিল। ৰামানন্দক কবীৰৰ গুৰু বোলা হয় যদিও ৰামানন্দৰ পৰা পোনপটীয়া কোনো শিক্ষা তেওঁ লাভ কৰা নাছিল; গতিকে কবীৰৰ ৰামানন্দৰ শিষ্যত্ব একলব্যৰ দ্ৰোণৰ শিষ্যত্বৰ দৰেইহে বুলিব পাৰি। কবীৰৰ ধৰ্মোপদেশবোৰ পণ্ডিত-সমাজতকৈ জন- গণৰ বাবে অধিক উপযোগী; কিন্তু তেওঁৰ ধৰ্মনিষ্ঠা আৰু অন্তদৃষ্টি সদৌৰে সেৱাৰ যোগ্য। অনুভৱৰ তীব্ৰতাৰ উপৰিও তেওঁৰ দোহাত শব্দৰ ব্যঞ্জনা সুন্দৰ।

 ‘মালা-গুটি ঘুৰাওঁতে জীৱনেই ঘূৰি অন্ত হয়, আৰু মনৰ কথা মনতেই ৰয়। (গতিকে) হাতৰ মালা গুটি দলিয়াই পেলোৱাঁ, মনৰ মালা জপিবলৈ ধৰাঁ।’ এই দোহাটিত হিন্দী “মনকা মনকা” ব্যৱহাৰ কৰা হৈছে; ইয়াৰ প্ৰথম “মনকা” শব্দৰ অৰ্থ “মন”, আৰু দ্বিতীয় “মনকা” মানে “মালা”। আন আন দোহাবোৰো তেনেদৰেই বিতোপন; এজনে বহুত পুথি পঢ়িব পাৰে, সেই বুলিয়ে তেওঁ পণ্ডিত নহয়; ’ভক্তি’ এই আঢ়ৈটি আখৰৰ অৰ্থ যি বুজে তেওঁহে পণ্ডিত।’ ‘শিল পূজিলেই ঈশ্বৰক পোৱাহলে মই পৰ্বতটোকে পূজিলোঁহেতেন। পাছে শালেগ্ৰাম শিলতকৈ পিহনি-শিলটো ভাল, কিয়নো সি আহাৰ