পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৭২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬৪
যুগনায়ক শঙ্কৰদেৱ

 ইয়াৰ বাবে লুথাৰক হমন্‌ দিয়া হল; কিন্তু শাস্ত্ৰীয় বিচাৰৰ বাহিৰে মুখ্য বিচাৰ-সভা আদি কাৰো মীমাংসা মানিবলৈ তেওঁ সম্মত নহল। তেতিয়া জাৰ্মান সম্ৰাট চাৰ্লছে লুথাৰক অকল ধৰ্মদ্ৰোহী বুলিয়ে নেৰিলে, ৰাজদ্ৰোহী বুলিও অভিযুক্ত কৰিলে। ইয়াৰ ভিতৰতে লুথাৰ পলাই সাৰিল আৰু জ্ঞানী ফ্ৰেডাৰিকৰ আশ্ৰয় গ্ৰহণ কৰিলে। তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে সংশ্ৰৱ-নিষেধ আজ্ঞা দিয়া হ’ল৷ তাৰ পাছত ১৫২৪ মে মাহত জাৰ্মানীত ‘খেতিয়কৰ বিদ্ৰোহ’ আন্দোলনৰ সূত্ৰপাত হল। ১৫৪৬ ১৮ ফেব্ৰুৱাৰীত আইছলিবিন নামৰ তেওঁৰ নিজ ছহৰত লুথাৰৰ মৃত্যু ঘটে।

 উইলিয়ম্ হণ্টাৰে কবীৰক পঞ্চদশ শতিকাৰ ভাৰতীয় লুথাৰ বুলিছে। নানকৰ আদি গ্ৰন্থত কবীৰৰ জীৱনী, চৰিত্ৰ আৰু শিকনি সম্পৰ্কে বহুত নিৰ্ভৰযোগ্য কথা পোৱা হয়। নানকে (১৪৬৯- ১৫৩৮) ১৪৯৫ত কবীৰক লগ পায়; আৰু সেই বছৰতে দিল্লীৰ সম্ৰাট ছেকেণ্ডৰ লডিয়ে যৌনপুৰ পৰিদৰ্শন কৰোঁতে মুছলমান ধৰ্মৰ কুযশ বুলি কবীৰৰ বিৰুদ্ধে অভিযোগ শুনি কবীৰৰ প্ৰাণদণ্ডৰ আদেশ দিয়ে। গতিকে কবীৰৰ কাল ( ১৪৪০-১৫১৮) বুলি ঠাৱৰাব পাৰি, আৰু তেতিয়া হলে তেওঁ শঙ্কৰদেৱৰ (১৪৪৯-১৫৬৮) সমসাময়িক নিশ্চয়।

 লুথাৰৰ দৰে কবীৰ ধৰ্ম-সমালোচক মাত্ৰ; শঙ্কৰদেৱৰ দৰে তেওঁ- লোকৰ এজনো ধৰ্ম-প্ৰৱৰ্তক নাছিল। পৰবৰ্তী চৰিতকাৰসকলে লিখা কবীৰৰ নাতিনীক শঙ্কৰদেৱে লগ পোৱা কাহিনী চৈতন্যদেৱক লগ পোৱা কথাৰ দৰেই ধাৰ্মিক কিম্বদন্তী মাত্ৰ। শঙ্কৰদেৱৰ বাৰবছৰীয়া ভাৰত-ভ্ৰমণ (১৪৭৮-১৪৯০) কালত কবীৰ নিশ্চয় জীৱিত আছিল। “উৰেষা বাৰাণসী ঠাৱে ঠাৱে। কবিৰ গীত শিষ্টসৱে গাৱে।” “কীৰ্ত্তন”ৰ এই কথা ফাকিত কবীৰৰ উল্লেখ কৰা বুলিলে বিচাৰ- বিপৰ্য্যয় ঘটে। “কবিৰ গীত” বুলিলে “কবীৰৰ গীত” নুবুজায়; তদুপৰি কবীৰৰ দোহাহে প্ৰসিদ্ধ, গীত নহয়। কৃত্তিবাস আৰু