পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৭১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬৩
লুথাৰ, কবীৰ আৰু শঙ্কৰদেৱ

 ভকতবোৰৰ কৰ্ত্তব্য-উদাসীনতা, পণ্ডিতবোৰৰ অসহনীয় ঠেকমনা স্বভাৱ আৰু চুলিডালকে দুফাল কৰা বঁজা তৰ্কবাদৰ তেওঁ তীব্ৰ নিন্দা কৰিছিল। ১৫০৯ ত ইংলণ্ডত লিখা ‘মূৰ্খতাৰ প্ৰশংসা’ পুথিত তেওঁ ধৰ্ম আৰু সমাজৰ এনেবোৰ দোষ-পাপৰে ব্যঙ্গ কৰিছিল। ইমানতো ইৰেছমছে গীৰ্জাৰ পৰা ফাটি অহা কথা ভাবিব নোৱাৰিছিল, আৰু তীব্ৰ সংস্কাৰক নোহোৱা হেতুকেই ষষ্ঠদশ শতিকাৰ সেই ৰিফৰ্মেস্যন আন্দোলনৰ তেওঁ গুৰি ধৰিব নোৱাৰিলে। কিন্তু সেই বুলি তেনে কামৰ যোগ্য লোক নোলাই নাথাকিল।

 মাটি লুথাৰ (১৪৮৩-১৫৪৬) জাৰ্মেনীৰ এজন সাধাৰণ ছেক্সন খেতিয়কৰ লৰা আছিল। তেওঁৰ পিতাকৰ অনিচ্ছা সত্ত্বেও ২২ বছৰ বয়সত আধ্যাত্মিক শান্তি-লাভৰ শুধ্ ইচ্ছাৰে তেওঁ খৃষ্টান ভিক্ষু ( ভকত) হয়। তেওঁ নিজে লিখিছে, “উদাসীন ভকত হৈ যদি কোনোবা এজন কেতিয়াবা স্বৰ্গ লৈ গলহেতেন, তেনে সেইজন ময়েই হলোঁহেতেন; কিয়নো ভকতে যি কৰিব লাগে সকলো মই পালন কৰিছিলোঁ।”

 কিন্তু ভকত হৈ স্বৰ্গলৈ যোৱাৰ বিপৰীতে তেওঁ গুৰু-ঘৰৰ সকলো পাপ-কপট দেখা পালে। প্ৰায়শ্চিত্ত কৰা মানে অন্তৰ শুচি কৰা, হব লাগে, কিন্তু তাৰ পৰিবৰ্তে অৰ্থদণ্ড বিহাত গুৰু-ঘৰ অধিক তৎপৰ। যি বিনয় ধৰ্মজীৱনৰ মূল কথা, তেওঁ তাৰ সম্পূৰ্ণ অভাৱ দেখিবলৈ পালে। ১৫১০ ত তেওঁ ৰ’ম পৰিদৰ্শন কৰিলে, তাতো ধৰ্মনিষ্ঠাৰ ঠাই ক্ৰিয়াকাণ্ডই আৰু বিনয়ৰ ঠাই অহম্মিকাই জুৰি থকা দেখি গুৰু-ঘৰৰ সংস্কাৰৰ বাবে তেওঁ বিপ্লৱ আৰম্ভ কৰা উচিত ভাবিলে।

 শেষত, ১৫২০ জুলাইত জাৰ্মান জাতিৰ খৃষ্টান ডাঙৰীয়াসকললৈ সম্বোধন’ আৰু ১৫২০ অক্টবৰত ‘বেবীলনীয় দাসত্ব’ আদি পুস্তিকা প্ৰচাৰ কৰি লুথাৰে প’পৰ ক্ষমতা অস্বীকাৰ কৰিয়ে ক্ষান্ত নহল, পুৰোহিতালি আদি মধ্যযুগীয় ৰীতি-নীতিৰ বিৰুদ্ধেও তেওঁ যুদ্ধ- ঘোষণা কৰিলে।