পালেগৈ। পিপ্পলালে তেওঁলোকক আশ্ৰমত অন্ততঃ এটা বছৰ থাকি বহ্মচৰ্য্য আৰু নিয়ম-সংযম পালনৰ দ্বাৰা আত্মশুদ্ধি লাভ কৰিবলৈ আদেশ দিলে; এবছৰৰ মূৰত তেওঁলোকক মাতি আনি কলে, ’এতিয়া তোমালোকৰ যাৰ মনত যি প্ৰশ্নৰ উদয় হয়, তাকে সোধাঁ; মই তাৰ যথাযথ উত্তৰ দিবৰ যত্ন কৰিম।’ এই প্ৰসঙ্গত ভৰদ্বাজ পুত্ৰ সুকেশাই এটি কাহিনী বৰ্ণাই প্ৰশ্ন কৰিলে: ‘গুৰুদেৱ, কোশল দেশৰ ৰাজকুমাৰ হিৰণ্যাভ এদিন মোৰ গুৰিলৈ আহি মোৰ পৰা সেই বিৰাট পুৰুষ পৰব্ৰহ্মৰ জ্ঞান বিচাৰিছিল; মই নিজে সেই জ্ঞান লাভ কৰিব পৰা নাই বুলি কোৱাত ৰাজকুমাৰৰ কোনো মতে প্ৰত্যয় নহল। তেওঁ অতি বেজাৰ মনেৰে ৰথত উঠি কোশল ৰাজ্যলৈ উলটি গল; কিন্তু মোৰ বুকুত তেওঁৰ সেই দুখ শেলৰ দৰে সোমাই ৰল। এতিয়া আপোনাৰ পদ-প্ৰান্তত পোনতে সেই দিব্য জ্ঞান লাভ কৰি সেই অনুতাপৰ শেল উঘালিবৰ আশা কৰোঁ।’ এনেদৰেই সেই ঋষিকুমাৰ কেজনে মন-প্ৰাণ জন্ম-মৃত্যু আদিক সামৰি যিবোৰ প্ৰশ্ন কৰিছিল, সেয়ে প্ৰশ্নোপনিষদ নামৰ প্ৰধান উপনিষদ এখনৰ ভেটি।
উপনিষদৰ যুগত সত্যপৰায়ণতা আৰু জ্ঞান-পিপাসা এনেদৰে বৰ্দ্ধিত হৈছিল যে তাৰ তুলনা ভাৰতবৰ্ষত হে নালাগে পৃথিবীৰ কোনো দেশত কোনো যুগত পোৱা নহয়; শৈশৱ কালৰ পৰা ইয়াৰ কেনেকৈ গজালি মেলে, নচিকেতাৰ কাহিনীয়েই তাৰ প্ৰমাণ। গৌতম ঋষিয়ে এটা যজ্ঞ পাতি পুৰোহিতবোৰক দান কৰিবলৈ বহুত গাই আনিছিল; শিশু নচিকেতাই বাৰে বাৰে পিতাকক প্ৰশ্ন কৰিলে, পিতা, মোক কাক দান দিবাঁ? অনৰ্থক বুলি ভবা প্ৰশ্ন পুতেকে বাৰম্বাৰ এইদৰে সোধাত খং উঠি পিতাকে কলে, ’তোক যমক দান দিম’। খঙৰ বেগত পিতাকৰ মুখত সেই কথা ওলোৱা বাবে পিতাক পিছ মুহুৰ্ত্ততে অতি অনুতপ্ত হল; কিন্তু শিশু নচিকেতাই পিতাকক বুজনি দি কলে, ‘পিতা, অনিত্য এই সংসাৰ, কিন্তু সত্য নিত্য; গতিকে এই পিতৃ-সত্য