চল্লিশ
সুধাৰ, কবীৰ আৰু শঙ্কৰদেৱ
দিন যেনেকৈ ৰাতিৰ পৰা পৃথক সন্দেহ নাই, কিন্তু ঠিক কোন মুহূৰ্তত দিন গৈ ৰাতি হয় বা ৰাতি গৈ দিন হয় তাক ঠাৱৰোৱা টান; অবিকল তেনেকৈয়ে ইতিহাসৰ চলন্ত গতিত পুৰণি যুগে নতুন যুগক ঠাই এৰি দিয়াৰ প্ৰত্যক্ষ প্ৰমাণ পালেও আকৌ অবিকল তেনেকৈয়ে ঠিক কোন দিন পুৰণি যুগ পমি গৈ নতুন ৰূপ ললে তাক নিৰ্ণয় কৰা কঠিন।
পুনৰ, মানুহে গাৰ বলেৰে গঢ়া ভৌগোলিক সীমা সম্পূৰ্ণ কৃত্ৰিম বুলি বাদ দিলে ঠিক কোনখিনিত এখন জিলা, প্ৰদেশ, দেশ বা মহাদেশ আৰম্ভ হল সঠিক ধৰা টান হৈ পৰে। বিচাৰৰ পৰা' থূল-মূলকৈ আমি এনে এটা সিদ্ধান্ত কৰিব পাৰোঁ নিৰৱধি কালৰ দৰে বিপুলা পৃথ্বী এক আৰু অভিন্ন।
শঙ্কৰদেৱৰ জন্মক্ষণ আচৰিতভাৱে জগতৰ চিন্তাৰ ইতিহাসত এক অভিনৱ মুহূৰ্ত। পঞ্চদশ শতিকাৰ এই শেষ কালছোৱাতে ইতিহাস- প্ৰসিদ্ধ মধ্যযুগৰ অমানিশাৰ ওৰ পৰি আধুনিক যুগৰ 'ফেহুজালি কাণত পৰে। মধ্যযুগৰ বিদায় আৰু আধুনিক যুগৰ আগমনৰ এই সন্ধিক্ষণতেই প'পৰ অধীনৰ বিৰ-গিৰ্জা আৰু ৰ'ম সাম্ৰাজ্যৰ সেই মধ্যযুগীয় কল্পনাৰ দুইখন ডেউকা ভাগি পৰে, আৰু উভয়ৰে ব্যৱহাৰিক শক্তিৰ সম্পূৰ্ণ অৱসান ঘটে। সম্ৰাটৰ অধিকাৰ তেতিয়াও যিফেৰা অৱশিষ্ট সি অকল জাৰ্মণীতে আৱদ্ধ আছিল; আৰু তাতো তাৰ বিৰুদ্ধে মানুহে ফেপেৰি পাতি উঠিছিল।
প’পৰ ক্ষমতা তেতিয়াও অটুট থকাৰ ভাও জুৰিলেও জোখত যে সি তেনেই টুটি গৈছিল সন্দেহ নাই। য়ুৰ’পৰ বিভিন্ন শক্তিয়ে পাল পাতি প'প আৰু সম্ৰাটৰ ক্ষমতাৰ বিৰুদ্ধে থৈয়া-নথৈয়া যুজ