ত্যাগ, কৰ্মৰ ভিতৰেদি ধৰ্ম, আৰু আসক্তিৰ ভিতৰেদি বিৰক্তিৰ যি কথা কোৱা হ'ল, ই আপোনা-আপুনি হব নোৱাৰে। বৰঞ্চ সজলক্ষ্য--বিহীন ভোগ, কৰ্ম আৰু আসক্তিৰ ভিতৰত পোক-পেলু আদিৰ দৰে জীৱন ৰসাতলে যোৱাৰ বাহিৰে আন গতি নাই।
বেদান্তৰ স্মৃতিপ্ৰস্থান গীতাই তাৰ মূলমন্ত্ৰ শিকাইছে, আৰু মহাপুৰুষীয়া ধৰ্মৰ এক প্ৰাণবন্তু সেয়ে। ধৰ্মশাস্ত্ৰ-শিৰোমণি গীতাই নুযুজিবলৈ মনস্থ কৰা অৰ্জুনক নানা উপায়ে কেৱল যুজিবলৈ উচটাইছে; কিয়? সেয়ে গীতাৰ মূল শিক্ষা।
“ক্লৈব্যং মাস্ম গমঃ পাৰ্থ! নৈতত্ত্বয়্যুপপদ্যতে।
ক্ষুদ্ৰং হৃদয়ং-দ্ৰৌৰ্বল্যং ত্যত্বোত্তিষ্ঠ পৰন্তপ।”
আমি ইচ্ছা কৰোঁ বা নকৰোঁ, পঞ্চ জ্ঞানেন্দ্ৰিয়ই ৰূপ-ৰস-শব্দ- স্পৰ্শ-ঘ্ৰাণ অনুভৱ কৰিবই আৰু পঞ্চকৰ্মেন্দ্ৰিয়ই উশাহ নিশাহ লোৱাতে আৰম্ভ কৰি কৰ্ম নকৰাকৈ এখন্তেকো থাকিব নোৱাৰে; গতিকে স্বভাৱৰ গুণে মানুহক কৰ্ম কৰাই থাকিব নিশ্চয়, যিহেতুকে কৰ্ম এৰিলে দেহাই নৰয়। আকৌ কৰ্ম মানেই বন্ধন যদিও, ঈশ্বৰত অৰ্পি কৰা কৰ্মত বন্ধন নাই; গতিকে গীতাৰ মূল শিক্ষা হল নিৰ্লিপ্ততা বা অনাসক্তি; অৰ্থাৎ নিষ্কামভাৱে ঈশ্বৰত অৰ্পণ কৰি বৈষয়িক, সাংসাৰিক, সকলো কৰ্ম্ম কৰা। এতেকে কৰ্ম-ত্যাগ অৰ্থহীন, তাৰ অৰ্থ কৰ্মফল-ত্যাগ।
স্বৰূপতে ইন্দ্ৰিয়বিলাকে নিজ নিজ বিষয়ত প্ৰৱৰ্তিত হোৱাৰ ফলেই কৰ্ম। ইন্দ্ৰিয়বোৰ যন্ত্ৰ, প্ৰকৃতি যন্ত্ৰী; তাত মানুহৰ কৰ্তৃত্ব বুলিবলৈ একো নাই, অথচ প্ৰকৃতিৰ গুণত মোহিত হৈ অজ্ঞানীজনে কোনো কাম নিজে কৰা বুলি মানে। গতিকে অনাসক্তি বা নিৰ্লিপ্ততাত নিজ ভ্ৰম দূৰ কৰা হয় মাত্ৰ, তাত নতুন একো কৰা নহয়; অথচ এই কৰ্মফলত্যাগক জ্ঞান-ধ্যান সৱাতকৈ শ্ৰেষ্ঠ বোলা হৈছে। বৈকুণ্ঠনাথে লিখিছে, “জ্ঞানহীন অভ্যাস কৰি ভক্তিসহিত