পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৬৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫৬
যুগনায়ক শঙ্কৰদেৱ

সকল জগত তযু মায়ায়ে মোহিত।
তোমাৰ চৰণে প্ৰভু কেৱে নেদে চিত্ত॥
পত্ৰ দাৰা নিগড়ে বান্ধিলোঁ দুয়ো ভৰি।
মৰন্তে আছোঁহো তযু নোবোলোঁহো হৰি॥
দুৰ্লভ মনুষ্য জন্ম ভাৰতত পাইলোঁ।
তোমাক নেসেৱি বৃথা জনম গঁৱাইলোঁ॥
নিচিন্তিলোঁ একবাৰ তোমাৰ চৰণ।
তৰু-বন জীয়ে যেন আমাৰ জীৱন॥
বিষয়ত ভোল হুয়া কৰিলোঁহে ভোগ।
তাৰ ফলে শৃগাল শ্বানৰ ভৈলোঁ যোগ॥
ভৱ-তৰিবাৰ যোগ্য লভিলোঁ শৰীৰ।
বিষয়-বাতাস পায়া কৰিলে অস্থিৰ॥
কৰে টলবল দেহা কেনে হুইবোঁ পাৰ।
এভু দাস বুলি প্ৰভু কৰিয়ো উদ্ধাৰ॥
সুকবি শেখৰ তুৱা দাসৰ দাস।
কাতৰ কৰোঁহো দিয়ে চৰণত বাস॥”

 ভোগৰ ভিতৰেদি ত্যাগ, কৰ্মৰ ভিতৰেদি ধৰ্ম, আসক্তিৰ ভিতৰেদি বিৰক্তি, পুণ্যভূমি ভাৰতবৰ্ষৰ নিজা অভিজ্ঞতা, নিজা জ্ঞান আৰু শিক্ষা। ৰূপ-ৰস-শব্দ-স্পৰ্শ-ভ্ৰাণৰ ভিতৰেদি ইন্দ্ৰিয়ৰ সহায়েৰে সেই অতীন্দ্ৰিয়ৰ অনুভৱ সম্ভৱ হৈছে। গতিকে সেইবোৰক অস্বীকাৰ কৰিবৰ আৱশ্যক নাই, সম্ভৱপৰো নহয়। তেন্তে এই বিনন্দীয়া সৃষ্টিৰ সৌন্দৰ্যৰো উপভোগ হওক আৰু আত্মাও ইন্দ্ৰিয়ৰ কুপৰিচালনাত অধোগামী নহওক, এয়ে তাৰ মধ্যবৰ্তী সোণালী পন্থা। প্ৰবৃত্তিৰ দ্বাৰা নিবৃত্তিৰ সাধন কোনোকালে নহয়, হয় নিজৰ ধবংস-সাধন; বিমঙ্গল-অজামিল আদিৰ সাধু নিয়মৰ নহয়, ব্যতিক্ৰমৰ হে প্ৰমাণ। মনত ৰাখিব লাগিব, ভোগৰ ভিতৰেদি