পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৬২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫৪
যুগনায়ক শঙ্কৰদেৱ


পোনতে সুখদায়ক যেন লাগিলেও সি প্ৰকৃততে ক্লেশজনক; তাৰ পৰা মানুহৰ উৰ্দ্ধগতি হওক ছাৰি অধোগতি আৰু দুৰ্গতিয়েইহে সাধিত হয়। গতিকে প্ৰবৃত্তিৰ পথ এৰি তাৰ বিপৰীত-মুখী নিবৃত্তিৰ পথ গ্ৰহণ কৰি তাৰ সহায়তহে মৃত্যুক তৰি অমৰত্ব লভিব লাগে। “পুত্ৰাৰ্থে ক্ৰিয়তে ভাৰ্য্য়া” আদি উপায় লৈ, “নল মৰে, গজালি উঠে ৰীতিৰে, বংশ-ৰক্ষাই মানুহ-প্ৰাণৰ চিৰ-আকাক্ষিত অমৰত্ব দিয়াৰ নোৱাৰে।

 শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্ম পৰা-বিদ্যা বা বিদ্যাৰ ওপৰত প্ৰতিষ্ঠিত; কিন্তু বহুতে ইয়াক জানি ৰা নাজানি অপৰা বিদ্যাৰ পৰিণতি ৰূপে দেখুৱাব খোজে; ই সম্পূৰ্ণ ভুল আৰু অত্যন্ত অন্যায়। “বিদ্যায়া অভাৱে অৱিদ্যেতি নাভিপ্ৰেত।” (বিদ্যাৰ অভাৱেই অৱিদ্যা, এনে অৰ্থ নহয়)। “ক্লেশৈৰনুগতাহি অবিদ্যা।” (যি ক্লেশকৰ পথত চলায় সেয়েহে অবিদ্যা।-যশোমিত্ৰ।) “বিদ্যা-বিপক্ষে ধৰ্মোহন্য়ো বিদ্যামিত্ৰাতাদিৱৎ।” অভিধৰ্মকোষ, ৩২৮। অবিদ্যা হৈছে বিদ্যাৰ বিপক্ষ, অধৰ্ম, বিদ্যাৰ শত্ৰু আৰু অসত্য আদি। গতিকে বিদ্যা আৰু অবিদ্যাৰ জ্ঞান বা শিক্ষাইহে যে সুকীয়া এনে নহয়, অবিদ্যা। বিদ্যাৰ বিপৰীত-মুখী। গতিকে পোনতে অবিদ্যাৰ বাটে গৈ শেষত বিদ্যাৰ পথ পাব, বা প্ৰবৃতৃিৰ পথ শেষ কৰি নিবৃত্তিলৈ আহিব ৰা আহিব পাৰিব, এনে কথা কেৱল প্ৰবঞ্চনা।

 জীৱনৰ শেষ আছে, কিন্তু প্ৰবৃত্তিৰ শেষ নাই; গতিকে প্ৰবৃত্তিৰ শেষত নিবৃত্তিৰ ভাব হব বুলি কোৱা বা ভবা কেৱল ভুৱা। ইহাতে, কৃচ্ছ অৰ্থাৎ ইন্দ্ৰিয়-তাড়নাৰ দ্বাৰা প্ৰবৃত্তিৰ বিলোপসাধন হয় বুলি ভবাও ভুল; কিয়নো সি অস্বাভাৱিক। এনে অৱস্থাত মহাপুৰুষীয়া ধৰ্মই দুইটাৰ মাজত এক সোণালী বাট উলিয়াই দিলে, সেয়ে হৈছে মন আদি ইন্দ্ৰিয়সমূহক ঈশ্বৰমুখী সৎকাৰ্যত সততে নিয়োজন কৰি ৰখা; গজেন্দ্ৰৰ দৰে “অন্তক” পোৱাৰ আগতে সেইদেখি জীৱই যাতে এই “সাবুদ্ধি” লয় তাৰ পন্থা। “কীৰ্ত্তনে” নিৰ্দেশ কৰিছেঃ