এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫২
যুগনায়ক শঙ্কৰদেৱ
আকৌ প্ৰায় খৃষ্টাব্দৰ দেড় হাজাৰ বছৰৰ মূৰত সি নৱ বৈষ্ণৱ
আন্দোলন ৰূপে নকৈ উশাহ লৈছে।” (অ, সা, বু, ৪ৰ্থ সং, ৪৮৯পিঠি)।
শঙ্কৰদেৱত আৰু শঙ্কৰদেৱৰ প্ৰচাৰিত মহাপুৰুষীয়া ধৰ্মত অসমীয়া সমাজৰ স্বৰূপ আৰু আশা-আকাঙ্খা আপোনা- আপুনি সহজভাৱে বিকশিত হৈছে। উত্তৰ ভাৰত বা দক্ষিণ ভাৰত য’তেই নৱ-বৈষ্ণৱ আন্দোলনে প্ৰথমে প্ৰাণ পাওক লাগে, মহাপুৰুষীয়া ধৰ্ম শঙ্কৰদেৱৰ নিজা, অসমীয়াৰ নিজা। শঙ্কৰদেৱৰ দ্বাৰা প্ৰৱৰ্ত্তিত নাম-ধৰ্ম্ম অসমীয়া স্বভাৱৰ দৰেই গহীন আৰু চিত্তশোধক। আন আন বৈষ্ণৱ ধৰ্মৰ দীক্ষা-মন্ত্ৰৰ বিপৰীতে অসমীয়াৰ শৰণ-প্ৰথা অতি বিজ্ঞানসম্মত। ৰামানুজে “শৰণ” শব্দটো ব্যৱহাৰ কৰিলেও শঙ্কৰদেৱৰ শৰণৰ লগত তাৰ কোনো মিল থকাৰ প্ৰমাণ নাই। বৌদ্ধধৰ্মৰ ত্ৰিৰত্ন বা তিনি শৰণৰ লগত শঙ্কৰদেৱৰ চাৰি শৰণ অকল লেখত নহয়, মূল নীতিতো সুকীয়া নিশ্চয়।
⸻