পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
যুগনায়ক শঙ্কৰদেৱ

টোপনিয়ে মৰণে সমান; তেন্তে মৰণৰ সমান গভীৰ টোপনিত থকাটো কেনেকৈ আত্মা হব পাৰে? সমিধ-পাণি হৈ পুনৰ উলটি অহাত ঋষিয়ে কলে, ‘তুমি এইটোও ঠিক ধৰিছা; বাৰু, কেইবছৰমান আশ্ৰমত থাকি তোমাৰ মন সম্পূৰ্ণ নিৰ্মল হলে তোমাক মই শেষ বাৰ উপদেশ দিম। এই বুলি আৰু পাঁচ বছৰৰ মূৰত, মুঠতে ১০১ বছৰ ইন্দ্ৰই ঋষিৰ আশ্ৰমত থাকি আত্মশুদ্ধি লভাৰ পাছত, ঋষিয়ে তেওঁৰ ব্ৰহ্মবিদ্যা সম্পূৰ্ণ কৰিলে।

 অকল পুৰুষেই নহয়, তিৰুতাসকলৰো অনেকেই উপনিষদ যুগত অতি ব্ৰহ্মিষ্ঠা হৈ উঠিছিল যে গাৰ্গী বাচরুবীৰ উদাহৰণেই তাৰ সঙ্কেত দিয়ে। তাৰ অন্যতম জ্বলন্ত প্ৰমাণ যাজ্ঞবল্ক্য-পত্নী মৈত্ৰেয়ী স্বয়ং; যাজ্ঞবল্ক্যই যেতিয়া বয়সত বাণপ্ৰস্থ তথা সন্ন্যাস আশ্ৰমৰ বাবে সাজু হৈ পত্নীক সাংসাৰিক ধন-সম্পত্তিৰ ভাগ দি যাব খুজিলে, মৈত্ৰেয়ীয়ে যাজ্ঞবল্ক্যক সুধিলে, “কথং তেন অমৃতাস্যাম?” ( সাংসাৰিক ধন-ধানে মোক সেই অমৃত দান কৰিব পাৰিবনে?) যাজ্ঞবল্ক্যই কলে, “অমৃতস্য তু ন অশান্তি বিত্তে নেতি।” (বিত্তেৰে মানুহ অলপ দিন অভাৱ- অভিযোগৰ হাত সাৰি থাকিব পাৰে; তাৰে অমৃত লাভ কৰিব নোৱাৰি।) মৈত্ৰেয়ীয়ে সুধিলে “যেনাহং নামৃতা স্যাম্ কিমহং তেন কুৰ্যাম্!” (যি বিত্তেৰে অমৃত [ অমৰত্ব] লভিব নোৱাৰি, তেনে বিত্তেৰে মই কৰিম কি?) তেতিয়া যাজ্ঞবল্ক্যই পৰম সন্তোষ পাই পত্নীক পৰম ব্ৰহ্ম-বিদ্যা পূৰ্ণভাৱে দান কৰি নিৰ্জনত তাৰ ধ্যান কৰিবলৈ ক’লে।

 বিদ্যা লাভৰ ৰাজ-আলি হ’ল গুৰুক প্ৰণিপাত, পৰিপ্ৰশ্ন আৰু সেৱা (“প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া”)। ভৰদ্বাজ ঋষিৰ পুত্ৰ সুকেশী, সূৰ্য্য ঋষিৰ নাতি গাৰ্গ্য, কত্য ঋষিৰ পুত্ৰ কবন্ধী, শিৱিৰ পুত্ৰ সত্যকাম, অশ্বলৰ পুত্ৰ কৌশল্য আৰু বিদৰ্ভৰ ভাগব, এই ছয় ঋষিকুমাৰে পৰব্ৰহ্মৰ জ্ঞান পাবৰ অভিলাষেৰে অজ্ঞান আন্ধাৰ নাশকাৰী গুৰু বিচাৰি বিচাৰি শেষত পৰম ব্ৰহ্মবাদী পিপ্পলাদৰ গুৰি