পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৫৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫১
শঙ্কৰদেৱৰ অসমীয়া প্ৰাণ-প্ৰতিষ্ঠা

“ৰূপ লাগি আখি ঝুৰে, গুণে প্ৰাণ তোৰ।
প্ৰতি অঙ্গ লাগি কাঁদে প্ৰতি অঙ্গ মোৰ॥”

সেই বঙ্গীয় প্ৰভাৱত প্ৰভাৱান্বিত মৈথিলী গীতত—

“জনম অৱধি হাম ৰূপ নেহাৰনু
   নয়ন ন তিৰপিত ভেল।
লাখ লাখ যুগ হিঅ হিঅ ৰাখনু,
   তয়ও হিঅ জুৰণ ন গেল॥”

কিন্তু ইয়াৰ বিপৰীতে অসমীয়া বৈষ্ণৱ কবিৰ ৰচনাত সেই বিমল দাস্যভক্তি প্ৰকাশিত হৈছে—

“মই অনাথক দয়া    কৰহু পৰমানন্দ,
   দাস বুলি ধৰিয়ো মনত,
   থৈয়ো নিজ ভৃত্যৰ সঙ্গত।
অঙ্গুলী মুখত কৰো,   দান্তে তৃণ তুলি ধৰোঁ,
  কেশ ছিণ্ডি দিওঁ চৰণত॥৭০।
অপৰাধ বিনাশন    তযু নাম নাৰায়ণ,
   জানি নামে পশিলোঁ শৰণে, .
   আন গতি নাহিকে মৰণে।
অপৰাধ ক্ষমা কৰি    তুমি দয়াশীল হৰি
   মোক ৰক্ষা কৰিয়ো চৰণে॥ ৭১।”

 “মাঘৰ শেষৰ বৰষুণৰ পাছত ফাগুনৰ বিনন্দীয়া কুঁহিপাত আৰু চৰাইৰ ঠেওধৰা মাত আদিত একেলগে দশোদিশৰ পৰা যেনেকৈ বসন্তৰ আগমনৰ সহাৰি পোৱা হয়, অসমৰ এই ৰেণেছেঞ্চৰ বাতৰিও সেইদৰে অকল বৈষ্ণৱ সাহিত্যত নহয় সেই কালৰ অসমৰ সামাজিক খৰ-লুটি, ৰাজনৈতিক যুজ-বাগৰ আদি সকলোৰ ভিতৰেদি মুঞ্জৰি উঠিছিল।•••গীতা-উপনিষদৰ যি অমৃত খৃষ্টপূৰ্ব দেঢ় হাজাৰ বছৰ মানৰ আগত সেই ঋষি-মুনিসকলৰ মস্তিষ্ক-সমুদ্ৰ-মন্থনৰ পৰা ওলাই পৰিছিল, প্ৰায় তিনি হাজাৰ বছৰৰ লুপ্ত বা সুপ্ত অৱস্থাৰ ভিতৰেদি