বুৰঞ্জী। প্ৰকৃততে ৰেণেছেঞ্চৰ অৰ্থ মুক্তিৰ নৱ-জন্ম। কাব্য-সঙ্গীত-
চিত্ৰাঙ্কন আদি সুকুমাৰ কলাৰ যোগেদি বহিৰ্জগতৰ আৰু মানৱ দেহৰ
সৌন্দৰ্য্য়ৰ উপলব্ধি, বিজ্ঞানত যুক্তি বিচাৰৰ মুক্তি, ধৰ্মত হিতাহিত
জ্ঞানৰ জাগৃতি, বুদ্ধিত সংস্কৃতিৰ নৱ-স্থিতি, আৰু ৰাজনৈতিক মুক্তিৰ
মূল-নীতিৰ ভিত্তিস্থাপন আদিৰ যোগেদি মানৱ জাতিৰ প্ৰাণে যেতিয়া
আত্ম-চৈতন্য আৰু আত্ম-নিৰ্দ্ধাৰণৰ পুনপ্ৰাপ্তি লাভ কৰে, তাকেই
ৰেণেছেঞ্চ, বোলা হয়।
ৰামস্বামীৰ মতে এই য়ুৰোপীয় ৰেণেছেঞ্চৰ লগত ভাৰতীয় ৰেণেছেঞ্চৰ এক মূলগত পাৰ্থক্য আছে। ইউৰপৰ ৰেণেছেঞ্চৰ জন্ম হৈছিল তাৰ দেশান্তৰৰ মৃত সাহিত্যৰ পৰা; কিন্তু ভাৰতীয় ৰেণেছেঞ্চে য়ুৰ’পীয় পুৰাণৰফীনিক্স্ চৰাইৰ দৰে নিজ দেশত নিজ ভসমৰ পৰা নিজ ইচ্ছা অনুসাৰে পুনৰ্জন্ম লাভ কৰিছে। ঠোৰ ভাঙি কবলৈ হলে, গ্ৰীছ আৰু ৰমৰ প্ৰাচীন সাহিত্য-কলাৰ পৰা ইংলণ্ড, ফ্ৰাঞ্চ, জাৰ্মণী আদিয়ে এই নৱ-জন্মৰ উশাহ পাইছিল যু’পত; কিন্তু ভাৰতবৰ্ষই নিজ প্ৰাচীন সাহিত্য গীতা-উপনিষদ আদিৰ নতুন চৰ্চাৰ পৰাই এই নৱ জীৱনৰ প্ৰেৰণা লভিছিল।
তদুপৰি যুব’পৰ বিভিন্ন দেশত ৰেণেছেঞ্চে বিভিন্নভাৱে আত্ম- প্ৰকাশ কৰিছিল; যেনে, ইটালী তথা ফ্ৰাঞ্চ, প্ৰভৃতি দেশত ই দেখা দিছিল সৌন্দৰ্য-বোধৰ ভিতৰেদি, ইংলণ্ড আৰু জাৰ্মাণীত দেখা দিছিল নৈতিক বাণীৰ মাজেদি। ভাৰতবৰ্ষত সেই দৰেই নৱ- বৈষ্ণৱ ধৰ্মৰূপে যে এই ৰেণেছেঞ্চে আত্মপ্ৰকাশ কৰিছিল, সি বঙ্গদেশত মধুৰ বা স্বামী-স্ত্ৰী সম্বন্ধত ফ্ৰাঞ্চ ইন্দ্ৰিয়ালুতাৰ দৰেই দেখা দিলে; কিন্তু অসমত, তাৰ বিপৰীতে, সি দাস্য সম্বন্ধত ইংলণ্ড-জাৰ্মাণী আদিৰ দৰে নিৰহ-নিপানী নৈতিকতাৰ গঢ় ললে। (অ, সা, বু, ৪ৰ্থ তাঙৰণ, ৪৮৫-৮৯ পিঠি )
উদাহৰণৰূপে, বঙ্গীয় কবিৰ ভাবাবেগত পৰমাত্মাৰ বাবে জীৱাত্নাৰ আকৰ্ষণ-