সাহিত্যৰ প্ৰভাৱতকৈ বিশিষ্ট, সি হল এই -অসমত সেই প্ৰভাৱ
সমাজৰ সাধাৰণ জাগৃতিত আবদ্ধ নাথাকি মায়ামৰা জন-আন্দোলন
স্বৰূপে ই জগতৰ বুৰঞ্জীত এটি চিৰস্মৰণীয় ঘটনা হৈ পৰিল।
“অনাত্মা দেহক আত্মা বুদ্ধি” নকৰা এই ধৰ্মৰ প্ৰভাৱে শঙ্কৰদেৱৰ
প্ৰায় তিনি শ বছৰৰ পাছত, এহাতে যেনেকৈ শাণিত তৰোৱালৰ
ধাৰত ডিঙি ঘহাবলৈ প্ৰেৰণা দিছিল, তেনেকৈয়ে কাঠৰ তৰোৱাল
কেখন লৈ নিৰামিষী এমুঠি মায়ামৰা প্ৰজাই প্ৰৱল আহোম ৰাজ-
শক্তিক আঁঠু লোৱাব পাৰিছিল। স্বৰূপতে ফ্ৰাঞ্চৰ জোৱান-ডা-আৰ্কৰ
কাহিনীৰ দৰেই মায়ামৰা ৰণচালি বুৰঞ্জীৰ এটি চিৰ-অলৌকিক
ঘটনা।
সুবিধাবাদীহঁতৰ সুবিধা আৰু অজ্ঞানীবিলাকৰ অন্ধবিশ্বাসেই বেদ বা ধৰ্ম বুলি যি কৌটিকলীয়া বিচাৰহীন আচাৰ চলি আহিছিল, শঙ্কৰদেৱে তাৰ মূৰত পেলালে বজ্ৰাঘাত। পূবেৰুণ দিয়াৰ লগে লগে বাঘ-ঘোঙ আদি হিংস্ৰ জন্তু, আৰু ভূত-পিশাচ আদি অপহুতা- অসুৰাবোৰ পলোৱাৰ দৰে, শঙ্কৰদেৱ প্ৰভৃতিয়ে যেতিয়া শাস্ত্ৰৰ তত্ত্ববোৰ অসমীয়ালৈ ভাঙি পানী যেন কৰি আটাইকে বুজাই দিলে, তেতিয়া সেই ধৰ্মৰ নামত স্বাৰ্থ পূৰণ কৰি ফুৰাবোৰো পিয়াপি দি পলাবলৈ ধৰিলে।
এতিয়া অন্ধবিশ্বাসৰ ঠাই ললে যুক্তি-বিচাৰে; সুবিধাবাদ তল পৰিল। নিত্য-নৈমিত্তিকতাই ঠাই এৰি দিলে নৈতিকতাক; ভুৱা, ভাবুকি আঁতৰি পলাল। কেৱল নীতি, যুক্তি আৰু আত্মশুদ্ধিত হেঁচা দিয়াত জনগণৰ প্ৰত্যেকৰ অন্তৰত অসীম শক্তি সঞ্চাৰ হল; আৰু আৱশ্যক অনুসৰি এই শক্তিয়ে আত্মপ্ৰকাশ কৰিলে মায়ামৰা আন্দোলন।
শঙ্কৰদেৱ স্বৰূপতে অসমৰ ৰেণেছেঞ্চৰ প্ৰতিমূৰ্ত্তি। ছাইমণ্ড্ছৰ মতে ইউৰপৰ জাতিসমূহৰ মাজত মানৱ-প্ৰাণে আত্ম-চৈতশীল স্বাধীনতা লাভ কৰাৰ যি ইতিহাস প্ৰকটিত হৈছে সেয়ে ৰেণেৰে 9