পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৮
যুগনায়ক শঙ্কৰদেৱ


স্বৰূপেই আমি জন্মৰ দ্বাৰাই সকলো স্বাধীন, সদৌ মিত্ৰ, আটাই ভাই-ভাই।

 শঙ্কৰদেৱৰ প্ৰচাৰৰ এই যে জাতীয় চৈতন্য, প্ৰাণৰ স্পন্দন, সি আত্মপ্ৰকাশ কৰিলে শঙ্কৰদেৱৰ নিজৰ আৰু অন্যান্য বৈষ্ণৱ কবিসকলৰ অমৃতময় অযুত গীত-পদ নাট-ভাৱনা আদিৰ ভিতৰেদি। আকৌ এলিজাবেথ যুগৰ ইংৰাজী সাহিত্যৰ ৰিজনি দি কব পাৰি, অসমৰ এই বিপুল বৈষ্ণৱ সাহিত্য নিশ্চিতভাৱে যোগাত্মক; কোনো বিষাদ-অৱসাদ দ্বিধা-সন্দেহৰ ইয়াত লেশমাত্ৰ নাই। কীৰ্ত্তন-ঘোষা আদিৰ কথা এৰিও এই যুগৰ প্ৰত্যেক বৈষ্ণৱ গ্ৰন্থৰ প্ৰত্যেক শাৰী আৰু প্ৰত্যেক আখৰ আশাবাদ আৰু আনন্দবাদৰ বাণীৰে ভৰপূৰ। ইয়াৰ মতবাদ সুস্পষ্ট, লক্ষ্য সুস্থিৰ।

 অসমীয়া বৈষ্ণৱ সাহিত্যৰ পৰা তিনি অনন্তলৈ আমি তিনিটি সুকীয়া বাট দেখা পাওঁহঁত। শঙ্কৰদেৱ মাধৱদেৱ প্ৰভৃতিয়ে প্ৰচলিত প্ৰৱল মতবাদৰ বিৰুদ্ধে বুজি যিদৰে নিজ মতৰ প্ৰতিষ্ঠা কৰিলে, যিদৰে সত্ৰ-নামঘৰ আদিৰে ইয়াক কাৰ্যকৰী কৰি তুলিলে তাত আমি নৈতিক অনন্তৰ আভাস পাওঁ। বেদান্ত-দৰ্শন প্ৰমুখ্যে বিৰাট সংস্কৃত-সাহিত্য আৰু ধৰ্মশাস্ত্ৰ মথি তেওঁলোকে যি নাম-ধৰ্মৰ অমৃত বিচাৰি পালে, আৰু গদ্য-পদ্য, গীত-নাট আদিৰ যোগে যি ৰসময় সাহিত্যৰ সৃষ্টি কৰিলে, তাত আমি এক মানসিক অনন্তৰ আভাস পাওঁ। প্ৰাচীন দৰ্শন-বিজ্ঞান মথি সেইসকলে নিজেও যি অমৃত সন্ধান পালে আৰু আনকো বিলালে, কোটি কোটি জীৱৰ তৰণৰ উপায় উলিয়ালে, তাত আমি অসমীয়া বৈষ্ণৱ সাহিত্যৰ আধ্যাত্মিক অনন্ত প্ৰমাণ পাওঁহঁক।

 সমাজৰ মজলীয়া আৰু তল খাপৰ বোলা জনগণে মূৰ তুলি উঠাও, ইংলণ্ডৰ এলিজাবেথ যুগৰ দৰে শঙ্কৰদেৱৰ যুগৰ অসমীয়া সাহিত্যৰ প্ৰভাৱৰ প্ৰণাম।

 কিন্তু যি গুণত অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰভাৱ এলিজাবেথীয়