পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৭
শঙ্কৰদেৱৰ অসমীয়া প্ৰাণ-প্ৰতিষ্ঠা


পাৰস্য আদি দেশৰ ওপৰত মহম্মদীয় ধৰ্মৰ চিৰপ্ৰাধান্যৰ নিচিনাকৈ অসমীয়া সমাজ, জাতি আৰু সদৌ অসমৰ ওপৰত শঙ্কৰদেৱৰ প্ৰভাৱ যাউতিযুগীয়া আৰু চিৰমঙ্গলময়।

 ইয়াৰ হেতু, প্ৰথমে, আৰবীয় উপন্যাসৰ কাহিনীৰ দৰে অসমীয়া জনগণৰ হৃদয়ৰ ৰত্ন-ভাণ্ডাৰৰ 'দুৱাৰ-মেল’ মন্ত্ৰ জানিছিল কেৱল শঙ্কৰদেৱে; আভিজাত্যত জন্মগ্ৰহণ কৰিও শাক্যমুনি বুদ্ধদেৱৰ দৰে সকলো ত্যাগ কৰ অগণন জনগণৰ মাজত নিজক মিলাই আৰু বিলাই দিছিল। সেইহে শিবোমণি পণ্ডিতৰ পৰা নিৰক্ষৰহজুৱালৈকে, আলৰ বুঢ়া-বুঢ়ীৰ পৰা মাত-ফুটা লৰা-ছোৱালীলৈকে আটায়েই শঙ্কৰদেৱৰ সাহিত্য তথা ধৰ্মৰ ৰসত আপ্লুত। যোৱা পাঁচ শ বছৰেই অসমীয়া জাতিৰ বেদব্যাস কেৱল সেই শঙ্কৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলী, ৰামসৰস্বতী সকল।

 দ্বিতীয়ত, কৌটিকলীয়া ফাপৰে-ধৰা মামৰে-খোৱা আধ্যাত্মিক আমোলা-তন্ত্ৰৰ অন্যায়ৰ বিৰুদ্ধে প্ৰথম ফেৰ পাতিলে শঙ্কৰদেৱে; তাৰ অবিচাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে শঙ্কৰদেৱে; আৰু পাপ- অত্যাচাৰৰ লৰাব-চৰাব নোৱাৰা গধুৰ শিলছটা সমাজৰ বুকুৰ পৰা নমাই গুৰিয়াই পেলাই দি দেখুৱালে যে ই কেতিয়াও বিধি বিধান হব নোৱাৰে। সেই ভণ্ড আৰু কপটীয় ধৰ্ম বা অধৰ্মৰ ঠাইত শঙ্কৰদেৱে প্ৰচাৰ কৰিলে পৱিত্ৰ নিৰ্মল নাম-ধৰ্ম; পিয়ালে হলাহলৰ ঠাইত অমৃত!

 তৃতীয়ত, শঙ্কৰদেৱেই জয়ে জয়ে অসমৰ জনগণৰ কাণত পেলালে সেই স্বৰ্গীয় সাম্য-মৈত্ৰী-স্বাধীনতাৰ মহাবাণী—“চাণ্ডালো হৰি-নাম লৱে মাত্ৰ। কৰিবে উচিত যজ্ঞৰ পাত্ৰ॥” সেই উনৈশ শতিকাৰ আগে আগে মাত্ৰ ফৰাছী বিপ্লৱৰ ধ্বনি ৰূপে য়ুৰপে ৰাজনৈতিক ক্ষেত্ৰত ইয়াক পোনতে শুনিছে; কিন্তু ইয়াৰ তিনিশ বছৰ আগত শঙ্কৰদেৱৰ কৃপাত অসমীয়া জাতি এই মহামন্ত্ৰ দীক্ষিত হৈছিল। আধ্যাত্মিক ক্ষেত্ৰত যে অকল ৰাজনীতিক জন্তুৰূপেই নহয়, মানুহ-