অকল ইতিহাসলৈ চালেও দেখিবলৈ পোৱা হয় জ্ঞান-সভ্যতাৰ বৃদ্ধিৰ লগে বহু-ঈশ্বৰবাদক একেশ্বৰবাদে নিজ নিজ ক্ষেত্ৰতে অতিক্ৰম কৰি আহিছে। ভাৰতবৰ্ষত চাৰি বেদৰ ইন্দ্ৰ-অগ্নি, সূৰ্য্য-ঊষা আদি বহু-ঈশ্বৰৰ উপাসনাৰ সোঁ-মাজতেই দৈৱ-বাণীৰূপে ঋকবেদতে প্ৰতিধ্বনিত হল, “তৎ একং সৎ বিপ্ৰাঃ বহুধা বদন্তি।” আৰু তাৰ চৰম পৰিণতি ৰূপে গীতা-উপনিষদৰ যোগেদি জগতত জয়ে জয়ে একেশ্বৰবাদৰ জয়জয়ঙ্কাৰ ঘোষিত হল। যুৰ’পৰ জড়-উপাসনাৰ অৱসান ঘটাবলৈ পোনতে অল্ড টেষ্টামেন্ট্ আৰু তাৰ পাছত যীশুখৃষ্টৰ প্ৰেম-ধৰ্মী নিউ টেষ্টামেন্ট, প্ৰতিষ্ঠিত হল। আৰব দেশৰ জড়োপসনাৰ অবসান ঘটাই ঠিক তেনেকৈয়ে মহম্মদৰ “লা-ইলাহু...” কঠোৰ একেশ্বৰবাদৰ ধৰ্ম প্ৰচাৰিত হল।
এই একেশ্বৰবাদৰ অভ্যুদয়ৰ উত্তৰেই হল জগতৰ সভ্যতা আৰু প্ৰগতি। তাৰ ফলতেই বৈদিক সভ্যতাক চেৰ পেলাই বেদান্ত তথা গীতা-উপনিষদৰ ধৰ্মৰ বিজয়-স্তম্ভ জগতত জয়ে জয়ে স্থাপিত হল। একেশ্বৰবাদেই প্ৰকৃত শক্তি, তাক হাতে-মুখে প্ৰমাণ কৰি খৃষ্টধৰ্ম আৰু মুছলমান ধৰ্মই ভাগে ভাগে জগতত আধ্যাত্মিক শক্তিৰ দৰেই বৈষয়িক তথা ৰাজনীতি আৰু সমাজনীতিত অজেয় শক্তিৰূপে নিজ বিজয়-বৈজয়ন্তী উৰালে। গীতা-উপনিষদৰ শিক্ষা পাহৰি পুনৰ সেই বহু-ঈশ্বৰবাদলৈ উলটি যোৱা ভাৰতক উভয়েই পদ-দলিত কৰি ভিন্ ভিন্ ভাৱে একেশ্বৰবাদৰ মাহাত্ম্য চকুত আঙুলি দি দেখুৱালে। অসমকো শঙ্কৰদেৱৰ একশৰণ ধৰ্মই তথাপি ৰক্ষা কৰিলে।
⸺⸺