আধ্যাত্মিক দৃষ্টিতো প্ৰকৃততে আত্ম-উপলব্ধিয়েই জীৱন, আত্ম- বিস্মৃতিয়েই মৃত্যু : মনুষ্যত্ব প্ৰভৃতিয়েই পুণ্য; কাপুৰুষতা, স্বাৰ্থপৰতা আদিয়েই পাপ : উদ্যম, সন্তোষ প্ৰভৃতিয়েই মিত্ৰ; জড়তা, অভিমান আদিয়েই শত্ৰু। ধৈৰ্য্য, নিষ্ঠা প্ৰভৃতিয়েই প্ৰকৃত শক্তি; আত্মনিৰ্ভৰ, আত্মবিশ্বাস আদিয়েই স্বৰূপ সম্বল। এলেহুৱা অকামিলা জীৱন ধাৰ্মিক জীৱন নহয়, গীতাৰ ই এক মূল শিক্ষা।
“ক্লৈব্যং মাস্ম গমঃ পাৰ্থনৈতত্ত্বয্যুপপদ্যতে।
ক্ষুদ্ৰং হৃদয়ং-দ্ৰৌবল্যং ত্যক্ত্বোত্তিষ্ঠ পৰন্তপ॥”
সন্ন্যাস মানেও সেইদৰে কৰ্মত্যাগ নহয়, আৰু কৰ্মত্যাগ বাস্তৱতে অসম্ভৱো। প্ৰকৃত সন্ন্যাস হ’ল কৰ্মফল-ত্যাগ; আৰু গীতাৰ প্ৰচাৰিত এই ঘাই ধৰ্ম হল নিৰ্লিপ্ততা বা অনাসক্তি যোগ।
“কৰ্মণ্যেবাধিকাৰস্তে মা ফলেষু কদাচন।”
জড় আৰু চৈতন্যৰ দ্বন্দ্ব চিৰকলীয়া যে তাৰ প্ৰমাণ স্বয়ং মানৱ দেহ। জড়দেহৰূপী কাৰাগাৰত পৰম চৈতন্যৰূপী কৃষ্ণৰ জন্ম, ভাগৱতৰ কাহিনী। বাইবোলৰ কাহিনীতে জড়-বিষয়ৰূপী ডিলাইলাৰ প্ৰেম- নাগ-পাশত আত্ম-সৰূপ ছেমছন বন্দী। বিষয়ৰূপ জড়তাৰ সেই কাৰাগাৰ আৰু সেই নাগ-পাশৰ পৰা পৰম চৈতন্যৰূপী আত্মাক মোকলাই অনাই জগতৰ প্ৰত্যেক সত্য ধৰ্মৰ লক্ষ্য।
আকৌ বহু-ঈশ্বৰবাদ মানেই জড়তা আৰু একেশ্বৰবাদ বুলিলেই চৈতন্যৰ উদয় : বহু-ঈশ্বৰ বুলিলেই শক্তিৰ খেলি-মেলি, বিকাৰণ; একেশ্বৰবাদ মানেই শক্তিৰ কেন্দ্ৰীকৰণ; বহু-ঈশ্বৰবাদ ইতিহাসৰ অতীত অধ্যায়; একেশ্বৰবাদ ইতিহাসৰ বৰ্ত্তমান অধ্যায়; বহু- ঈশ্বৰবাদ মানৱ সমাজৰ বিকেন্দ্ৰীকৰণ (ছেণ্ট্ৰিফগেল) শক্তি; একেশ্বৰবাদ মানৱ-সমাজৰ কেন্দ্ৰীয়কৰণ (ছেণ্ট্ৰিপেটেল) শক্তি। সভ্যতাৰ বাটতো বহু-ঈশ্বৰবাদ পশ্চাৎমুখী, একেশ্বৰবাদ অগ্ৰমুখী; বহু-ঈশ্বৰবাদ প্ৰতিক্ৰিয়াশীল, একেশ্বৰবাদ প্ৰগতিশীল।