ধৰ্ম-নীতিৰ প্ৰৱৰ্ত্তন কৰিলে জগতৰ বুৰঞ্জীত অতুলনীয়ভাৱেই শঙ্কৰদেৱে।
এলিজাবেথ যুগৰ ইংৰাজী সাহিত্যৰ তুলনাতো অসমৰ এই বৈষ্ণৱ সাহিত্য অসামান্যভাৱে ব্যাপক হলেও, এলিজাবেথীয় সাহিত্যতকৈ ইয়াৰ প্ৰাণ-বস্তুৰ ঐক্য অধিক বুলিব পাৰি। ৰেহ- ৰূপত প্ৰাচীন যেন লাগিলেও, অসমীয়া বৈষ্ণৱ সাহিত্য এলিজাবেথীয় সাহিত্যৰ দৰেই যৌৱনৰ জয়োল্লাসপূৰ্ণ, প্ৰাণ স্পন্দন-ভৰা, আশাময় আৰু বীৰ্য্যময়। শঙ্কৰদেৱৰ আবিৰ্ভাবৰ লগে লগেই যেন কিবা ঐন্দ্ৰজালিক প্ৰভাৱত সেই আন্ধাৰ আৰু বেমেজালিৰ নিশা পলাই ফাঁট মাৰিলে, আৰু সোণালী আশাৰ পোহৰে পূৱেৰুণ দিলে!
এলিজাবেথৰ ৰাজত্বৰ ইংলণ্ডৰ বিষয়ে যে মিল্টনে কৈছিল, শক্তি- ধৰ মানুহ এটাই টোপনিৰ পৰা উঠাৰ দৰে ইংৰাজ জাতিৰ গৰীয়সী শক্তি সাৰ পাই উঠি সামাজিক বন্ধনৰ শিকলি ভাঙি-ছিঙি মোহাৰি পেলালে, বৈষ্ণৱ যুগৰ অসমীয়া জাতিৰ বিষয়েও সেই একে কথাকে ততোধিক ৰূপে কব পাৰি। শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্মৰ প্ৰভাৱৰ প্ৰতি অসমীয়াই প্ৰকৃততে অনুভৱ কৰিলে—“ভিদ্যতে হৃদয়-গ্ৰন্থিঃ ছিদ্যন্তে সৰ্বসংশয়াঃ।” আকৌ সেই কালৰ ইংলণ্ডৰ সামাজিক ৰাজনৈতিক আদি বৈষয়িক জয়জয়-ময়ময় অৱস্থাৰ লগত শঙ্কৰী যুগৰ অসমৰ তেনে সামাজিক ৰাজনৈতিক আদি বৈষয়িক জয়জয়-ময়ময় অৱস্থাৰ তুলনা কৰিব পাৰি। কিন্তু শঙ্কৰী আন্দোলনৰ দৰে বিশুদ্ধ আধ্যাত্মিক আন্দোলন এটাৰ লগত বৈষয়িক উন্নতিৰ যোগ-সূত্ৰ কেনেকৈ জড়িত হব পাৰে, পোনতে সেই কথাহে আচৰিত যেন লাগে; কিয়নো ইছলামৰ দৰে এই ধৰ্মৰ লগত বৈষয়িক সম্বন্ধ থকাতকৈ বৈষয়িক চৰ্চাৰ বিৰুদ্ধেহে ই দেখাদেখিকৈ আগবাঢ়িছিল।
এই সম্পৰ্কত শঙ্কৰী অসমৰ লগত বৌদ্ধ ভাৰতৰ ৰিজনি আমাৰ মনলৈ আহে। বৌদ্ধধৰ্মই অকল বৈষয়িক উন্নতিৰ বিৰুদ্ধে নহয়, মানুহক সংসাৰ এৰিবলৈ উদগনি দি সমাজ আৰু জাতিৰ প্ৰগতিৰ